
শোকাবহ! ভুল দিশেৰে অহা তীব্ৰবেগী ট্ৰেভেলাৰে মহটিয়াই নিলে বাইক আৰোহীক, সুদক্ষ ঢোলবাদকসহ ২ ছাত্ৰৰ মৃত্যু
December 25, 2022নিউজ ডেস্কঃ ধেমাজি জিলাৰ চিলাপথাৰত মৰ্মান্তিক দুৰ্ঘটনা।
তীব্ৰেবেগী ট্ৰেভেলাৰৰ খুন্দাত মৃত্যু দুজনকৈ ছাত্ৰৰ।
বাইকেৰে গৈ থকা সময়তে ভুল দিশেৰে অহা ট্ৰেভেলাৰে খুন্দা মাৰে ছাত্ৰ দুজনক।
দুৰ্ঘটনাত থিতাতে নিহত দুয়োজন ছাত্ৰৰ।
শনিবাৰে সন্ধিয়া চিলাপথাৰৰ দাম্বুকত সংঘটিত হয় শোকাবহ দুৰ্ঘটনা।
নিহত ছাত্ৰ দুজন বৰবৰুৱা থানাৰ অন্তৰ্গত বৰদৈ বাম গাঁৱৰ কৃষক বেদকান্ত বৰুৱাৰ একমাত্ৰ পুত্ৰ সাৰঙ্গ বৰুৱা আৰু শ্ৰীমন্ত ফুকনৰ একমাত্ৰ পুত্ৰ অভিজ্ঞান ফুকন বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, নিহত সাৰঙ্গ ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি কলেজৰ চতুৰ্থ ষাণ্মাসিকৰ নৃতত্ব বিভাগৰ ছাত্ৰ আছিল।
এগৰাকী সুদক্ষ ঢোল বাদকো আছিল সাৰঙ্গ।
আনহাতে আনজন নিহত অভিজ্ঞান লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল।
ছাত্ৰ দুজনৰ আকস্মিক পৰিয়ালে দুয়োৰে পৰিয়ালক শোকস্তব্ধ কৰি তোলাৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
ইফালে দুৰ্ঘটনাত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাইও গভীৰ শোক প্ৰকাশ কৰিছে।