শোকাবহ! মহাবিদ্যালয়ৰ সন্মুখতে দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিলে বাইক আৰোহী ২ ছাত্ৰক, এজনৰ মৃত্যু

শোকাবহ! মহাবিদ্যালয়ৰ সন্মুখতে দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিলে বাইক আৰোহী ২ ছাত্ৰক, এজনৰ মৃত্যু

February 22, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ ধিঙত শোকাবহ পথ দুৰ্ঘটনা।

ধিং মহাবিদ্যালয়ৰ সন্মুখতে সংঘটিত দুৰ্ঘটনাত নিহত এগৰাকী ছাত্ৰ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন এজন ছাত্ৰ।

বাইকেৰে গৈ থকা সময়ত দুই ছাত্ৰক মহাবিদ্যালয়ৰ সন্মুখতে মহটিয়াই নিলে এএছ ০২ই ৮০৩৯ নম্বৰৰ মালবাহী ট্ৰাকে।

দুৰ্ঘটনাত থিতাতে নিহত ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ আশ্ৰাফুল আলমৰ।

নিহত ছাত্ৰজনৰ ঘৰ ধিঙৰ ৰৌমাৰী বিলত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আনচাৰুল নামৰ আন এজন ছাত্ৰ।

আহত ছাত্ৰজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

ইফালে দুৰ্ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে আটক কৰি উত্তম মাধ্যম শোধায় ট্ৰাক চালকজনক।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চালকজনক উদ্ধাৰ কৰি থানালৈ লৈ যায়৷