শোকাবহ! মাতৃৰ গাড়ীৰ চেপাত প্ৰাণ গ’ল চোতালত খেলি থকা ৩ বছৰীয়া কন্যাৰ…

শোকাবহ! মাতৃৰ গাড়ীৰ চেপাত প্ৰাণ গ’ল চোতালত খেলি থকা ৩ বছৰীয়া কন্যাৰ…

October 15, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ চোতালতে গাড়ী চলাবলৈ শিকি আছিল মাতৃয়ে। চোতালৰ এটা ফালে খেলি আছিল ৩ বছৰীয়া কন্যা মৰিয়মে।

কিন্তু নতুনকৈ গাড়ী চলাবলৈ শিকা মাতৃয়ে গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত গাড়ীত তলত পিষ্ট হৈ প্ৰাণ গ’ল কণমানিটিৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কাঝিকোডৰ কোডুৱল্লীত।

কোডুৱল্লীৰ ইংগাপুঝাৰ নিৱাসী নাজিৰৰ পত্নী লুবনা ফেবিনিয়ে শুকুৰবাৰে পুৱা চোতালক গাড়ী চলাবলৈ শিকি থকাৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো।

দম্পতীহালৰ ৩ বছৰীয়া কন্যা মৰিয়ম নাজিৰে খেলি থকা সময়ত মাতৃয়ে চলাই থকা গাড়ীখন শিশুটিৰ গাৰ ওপৰেৰে পাৰ হৈ যোৱাত গুৰুতৰভাৱে আহত হয় শিশুটি।

লগে লগে শিশুটিক ওচৰৰ এখন ব্যক্তিগত হাস্পতাললৈ নিয়া হয় যদিও ইতিমধ্যে মৃত্যু ঘটে মৰিয়মৰ।

মাতৃৰ গাড়ী চলাবলৈ শিকাৰ চখত এনেদৰে এটি কণমানি শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

লগতে চাওকঃ

ডায়েৰী… তোমাক মই মোৰ ক্ল’জ ফ্ৰেণ্ড হিচাপে আজিৰ পৰা ল’লোঃ ডায়েৰীৰ পৃষ্ঠাত সময়ক ধৰি ৰাখিব বিচৰা তেজস্বিতা গুচি গ’ল এনেকৈয়ে…