শোকাবহ! মাথো ২২ বছৰ বয়সতে শ্বহীদ হ’ল ভাৰতীয় সেনা জোৱান সুধাংশু কুমাৰ…

শোকাবহ! মাথো ২২ বছৰ বয়সতে শ্বহীদ হ’ল ভাৰতীয় সেনা জোৱান সুধাংশু কুমাৰ…

September 1, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বয়লাৰ বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা এগৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে সমগ্ৰ দেশবাসীক।

লাডাখৰ গলৱানত যোৱা ২১ আগষ্টত সংঘটিত বয়লাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল ২২ বৰ্ষীয় ভাৰতীয় সেনা জোৱান সুধাংশু কুমাৰ।

জোৱানজনক লগে লগে চিকিৎসাৰ বাবে লেহৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তাৰ পৰা চণ্ডিগড়লৈ প্ৰেৰণ কৰে চিকিৎসকে। বিগত ১০ দিন হাস্পতালতে চিকিৎসাধীন হৈ থাকি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে সুধাংশু কুমাৰে।

ৰাজৌনৰ চাখাৰা গাঁৱৰ নিৱাসী ৰাজেশ চৌধুৰী আৰু সংগীতা দেৱীৰ একমাত্ৰ পুত্ৰ সুধাংশু কুমাৰে ভাৰতীয় সেনা বাহিনীত যোগ দিছিল ২০২০ চনত। তাৰ পিছতে লাডাখৰ গলৱানত কৰ্তব্যৰত হৈ আছিল ২২ বৰ্ষীয় জোৱানগৰাকী।

আনহাতে জোৱানজন শ্বহীদ হোৱাৰ খবৰে মৰ্মাহত কৰিছে পৰিয়ালক। দেশৰ হকে সেনা বাহিনীত ভৰ্তি হৈ এনেদৰে কম বয়সতে প্ৰাণ আহুতি দিবলগীয়া হোৱা সুধাংশু কুমাৰৰ মৃত্যুৱে চৌদিশে সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ।