শোকাবহ! মিনি ট্ৰাকৰ প্ৰচণ্ড খুন্দাত মৃত্যু SDRFৰ জোৱান কেশৱ থাপাৰ…

নিউজ ডেস্কঃ বিশ্বনাথ জিলাৰ গহপুৰৰ পুৰুপবাৰীত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাছী এছডিআৰএফ জোৱানৰ অকাল মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

বাইক আৰু মিনি ট্ৰাকৰ সংঘৰ্ষত মৃত্যু ঘটে এছডিআৰএফৰ জোৱানগৰাকীৰ।

জানিব পৰা মতে, কেশৱ থাপা নামৰ এছডিআৰএফৰ জোৱানগৰাকীয়ে বাইকেৰে গৈ থকা সময়তে পুৰুপবাৰীত এখন মিনি ট্ৰাকে তেওঁক প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জোৱানজনক লগে লগে গহপুৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

বিশ্বনাথৰ কুমলিয়াৰ নিৱাসী অতি সৰবৰহী যুৱক তথা এছডিআৰএফৰ জোৱানগৰাকীৰ এই আকস্মিক মৃত্যুত ভাগি পৰিছে পৰিয়াল।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।