শোকাবহ! ষ্টীলৰ টিফিনৰ ভিতৰত ভৰাই ফুটাই আছিল দীপাৱলীৰ বোমা, হঠাৎ টুকুৰা চিটিকি আহি আঘাতপ্ৰাপ্ত হৈ মৃত্যু মেডিকেলৰ ছাত্ৰীৰ

নিউজ ডেস্কঃ দীপাৱলীৰ আনন্দ উছাহৰ মাজতে হঠাৎ নামি আহিল দুখৰ অমানিশা! ৰং ৰইচৰে দীপাৱলী উদযাপন কৰি ফটকা ফুটোৱাৰ সময়তে আঘাতপ্ৰাপ্ত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী ছাত্ৰীয়ে।

এই শোকাবহ ঘটনা দীপাৱলীৰ নিশা সংঘটিত হয় মধ্যপ্ৰদেশৰ মন্দসৌৰত।

জিলাখনৰ ভৱগড়ৰ কাৰ্জু গাঁৱত দীপাৱলীৰ নিশা আনন্দ মুখৰ পৰিৱেশৰ মাজতে ষ্টীলৰ টিফিনৰ ভিতৰত ভৰাই দীপাৱলীৰ বোমা ফুটাবলৈ লওতেই ষ্টীলৰ টুকুৰা চিটিকি আহি প্ৰাণ হেৰুৱায় এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে।

জানিব পৰা মতে, দীপাৱলীৰ নিশা ঘৰত গোৱৰ্ধন পূজাৰ আয়োজন কৰিছিল কাৰ্জু গাঁৱৰ নিৱাসী গোবৰ্ধন লাল মালীয়ে।

ঘৰত পূজা চলি থকাৰ সময়তে গোৱৰ্ধন লাল মালীৰ কন্যা টিনা (২০)ই কনিষ্ঠ ভাতৃৰ সৈতে মিলি ঘৰৰ বাহিৰত দীপাৱলীৰ ফটকা ফুটাই আছিল।

মেডিকেলৰ ছাত্ৰী টিনাই ভাতৃৰ সৈতে মিলি এটা ষ্টীলৰ টিফিনৰ ভিতৰত ভৰাই বোমা ফুটাই থকাৰ লগতে কাষতে থিয় হৈ তাৰ ভিডিঅ’ও প্ৰস্তুত কৰি আছিল।

কিন্তু বোমা ফুটাবলৈ লওতে দুৰ্ভাগ্যবশতঃ ষ্টীলৰ টিফিনৰ এটা জোঙা টুকুৰা চিটিকি আহি টিনাৰ পেটত আঘাত কৰে।

এই আঘাতত তেজেৰে তুমুৰলি হৈ পৰা যুৱতীগৰাকীক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়তে টিনাৰ মৃত্যু ঘটে।

মন্দসৌৰৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত মেডিচিনৰ শিক্ষা গ্ৰহণ কৰি থকা টিনাই ঘৰতে এখন সৰু বিউটি পাৰ্লাৰো চলাই আছিল।

তিনি ভাতৃ-ভগ্নীৰ ভিতৰত ডাঙৰ টিনাৰ এনে অকাল মৃত্যুত শোকত ভাগি পৰিছে পৰিয়াল। যুৱতীগৰাকীৰ মৃত্যুৱে সমগ্ৰ গাঁওখনতে শোকৰ ছাঁ পেলাইছে।