শোকাবহ! সুদীৰ্ঘ ৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই চৰম পথ বাচি ল’লে এগৰাকী কৃতী শিক্ষকে

শোকাবহ! সুদীৰ্ঘ ৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই চৰম পথ বাচি ল’লে এগৰাকী কৃতী শিক্ষকে

September 5, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আজি ৫ ছেপ্টেম্বৰ। দেশৰ দ্বিতায় ৰাষ্ট্ৰপতি তথা দাৰ্শনিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনৰ আজিৰ দিনটোতে দেশজুৰি পালন কৰা হয় শিক্ষক দিৱস।

অসমতো আজি বিদ্যালয়ে বিদ্যালয়ে পালন কৰা হৈছে শিক্ষক দিৱস। আজিৰ দিনটোত শিক্ষাগুৰুৰ ত্যাগ, আদৰ্শৰ প্ৰতি সন্মান জনাইছে শিক্ষাৰ্থীয়ে। ৰাজ্য চৰকাৰেও আজিৰ দিনটোত ৰাজ্যৰ ৪৬ গৰাকী শিক্ষকক প্ৰদান কৰিছে ২০২২ বৰ্ষৰ কৃতী শিক্ষকৰ বঁটা।

কিন্তু শিক্ষক সকলৰ বাবে পালন কৰা এই বিশেষ দিনটোতে আৰ্থিক দৈন্যতাৰ সৈতে যুঁজি যুঁজি অৱশেষত চৰম সিদ্ধান্ত ল’বলগীয়া হ’ল এখন ভেন্সাৰ স্কুলৰ এগৰাকী কৃতী শিক্ষকে।

গোগামুখৰ বৰদলনি আউনীআটি কৈৱৰ্ত মধ্য ইংৰাজী বিদ্যালয়ত বিগত ৩০ বছৰে বিনা বেতনে শিক্ষাকতা কৰি বহু ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বাট পোহৰাই নিজেই যেন অন্ধকাৰত ডুব গ’ল কৃতী শিক্ষক ৰাজেন বণিয়াই।

তীব্ৰ আৰ্থিক দৈন্যতাত ভুগি আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’বলৈ বাধ্য হোৱা শিক্ষকগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী।

সুদীৰ্ঘ ৩০ বছৰে বিনা বেতনে নিষ্ঠাৰে শিক্ষকতা কৰি অহা শিক্ষক গৰাকীৰ আত্মহত্যাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক জগৰীয়া কৰিছে অনেকে।

শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ ঢাক-ঢোল বজাই নিজকে দিল্লীৰ শিক্ষা ব্যৱস্থাতকৈও উন্নত বুলি দাবী কৰিব বিচৰা অসমৰ শিক্ষা বিভাগৰ শিক্ষকৰ প্ৰতি দায়িত্বহীনতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

শিক্ষক দিৱসৰ দিনাই এগৰাকী কৃতী শিক্ষকে আৰ্থিক সংকটৰ সন্মুখীন হৈ আত্মহত্যা কৰিবলগীয়া হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে গোগামুখৰ বৰদলনিত।