শোকাবহ! হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লোৱা পুত্ৰৰ শোকত মাতৃয়েও এৰিলে প্ৰাণ…

নিউজ ডেস্কঃ নগাঁৱত একেদিনাই মাতৃ-পুত্ৰৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে সকলোকে।

পুৱা হৃদক্ৰিয়া বন্ধ হৈ পুত্ৰৰ মৃত্যুৰ পিছতে বিয়লিৰ ভাগত প্ৰাণ ত্যাগ কৰিলে শোকবিহ্বল অশীতিপৰ মাতৃয়েও।

এই শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ পানীগাঁও দুৰ্গাবাড়ীৰ বিশাল ভৱন পথত।

জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় ৯ বজাত আকস্মিক ভাৱে মৃত্যু ঘটে পেছাত ইলেক্ট্ৰিচিয়ান ৫০ বৰ্ষীয় হৰেকৃষ্ণ সেনৰ।

শৌচাগাৰলৈ যোৱাৰ সময়তে তেওঁ এনেদৰে মৃত্যুক সাৱটি লয়।

ইয়াৰ পিছতে বিয়লিৰ ভাগত শোকবিহ্বল আৰু ৰোগাক্ৰান্ত মাতৃ চন্দ্ৰা সেনৰো হৃদক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটে।

একেদিনাই এনেদৰে মাতৃ-পুত্ৰৰ বিয়োগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।