শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ৭ জনকৈ প্ৰতিভাৱান যুৱকে।

নিহত আটাইকেইজনে হৈছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ।

এই শােকাৱহ দুৰ্ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ ৱাৰ্ধা।

তেওঁলােকৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ খাৱৈত পৰাৰ ফলতে সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে বিধায়কৰ পুত্ৰসহ ৭ গৰাকী মেডিকেল ছাত্ৰৰ।

FJ67-SY8-UYAAz-QBE

জানিব পৰা মতে, সোমবাৰে নিশা চেলচুৰা শিৱৰৰ মাজেৰে পাৰ হৈ যাওঁতে পথৰ দাঁতিৰ ঘন জংঘলৰ মাজৰ পৰা অকস্মাত এটা বন্য জন্তু শিক্ষাৰ্থীকেইজনৰ গাড়ীৰ সন্মুখত উপস্থিত হয়। যাৰ ফলত জন্তুটো বচাবলৈ চেষ্টা কৰোঁতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু দলং ভাঙি দ খাৱৈত বাগৰি পৰে।

FJ651r-Gac-AAj-O1g

ৱাৰ্ধাৰ ওচৰৰ তুলজাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চেলচুৰা শিৱৰত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

জানিব পৰা মতে, গাড়ীখনত থকা ৭ জন শিক্ষাৰ্থী সাৱংগী মেঘে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ আছিল।

তেওঁলোকে যৱতমালৰ পৰা সাৱংগী মেঘেলৈ উভতি অহাৰ পথতে নিশা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

ভয়ংকৰ দুৰ্ঘটনাটোত তিৰোদা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক বিজয় ৰাহাংদালেৰ পুত্ৰ আৱিষ্কাৰ ৰাহাংদালেৰো কৰুণ মৃত্যু ঘটে।

222

দুৰ্ঘটনাত মৃত্যু ঘটা আন ৬ গৰাকী শিক্ষাৰ্থীক ক্ৰমে- নীৰজ চৌহান, নীতিশ সিং, বিবেক নন্দন, প্ৰত্যুষ সিং, শুভম জয়ছোৱাল আৰু পৱন শক্তি বুলি চিনাক্ত কৰা হৈছে।

01

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

একে সময়তে, আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

লগতে চাওকঃ

তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী, দুই কণমানি ছাত্ৰীসহ শিক্ষয়িত্ৰীৰ থিতাতে মৃত্যু

photo-2022-01-25-16-53-16

২২ মহীয়া শিশুৱে অনলাইনত অৰ্ডাৰ দিলে ডেৰ লাখতকৈও অধিক মূল্যৰ আচবাব! হতবাক পিতৃ-মাতৃ

G8

Leave a Comment