শোকাৱহ! ভাৰতৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰা ভূটানৰ ছাত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু

শোকাৱহ! ভাৰতৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰা ভূটানৰ ছাত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু

September 25, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

উচ্চ শিক্ষা গ্ৰহণৰ বাবে ভাৰতলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ এগৰাকী মেধাবী ছাত্ৰই।

মৃত ছাত্ৰজনৰ নাম শ্বেৰিং পেলজোৰ ৱাংডি।

হাৰিয়ানাৰ আম্বালাস্থিত মুলানা বিশ্ববিদ্যালয়ৰ বিচিএৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল ভূটানৰ নিৱাসী শ্বেৰিং পেলজোৰ ৱাংডি।

জানিব পৰা মতে, শুকুৰবাৰে নিশা বন্ধু বিবেক ৰায়ৰ সৈতে বাইকেৰে ব্ৰাৰাৰ পৰা বিশ্ববিদ্যালয়লৈ উভতি আহিছিল ৱাংডি।

তেনে সময়তে তেওঁলোকৰ বাইকখনত এখন অচিনাক্ত বাহনে খুন্দা মৰাত মৃত্যু ঘটে ছাত্ৰজনৰ।

এই দুৰ্ঘটনাত বাইক আৰােহী আন এজন ছাত্ৰ বৰ্তমান মুলানা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।