শোকাৱহ! মৌমাখিৰ কামোৰত এগৰাকী কণমানিৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। কলগাছিয়াৰ বালাৰপথাৰত শোকাৱহ ঘটনা।

মৌমাখিয়ে কামোৰাৰ ফলত এগৰাকী শিশুৰ কৰুণ মৃত্যু।

এই ঘটনাক লৈ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপথাৰ গাঁৱত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ।

শুকুৰবাৰে মাকৰ লগত খৰিচালা আবাদি গাঁৱত আইতাকৰ ঘৰলৈ আহি মৃত্যু হয় তিনি বছৰীয়া এটি কণমানিৰ।

মৃত শিশুগৰাকী বালাৰপথাৰ গাঁৱৰ আজিজুৰ হকৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

শিশুটিক মৌমাখিয়ে কামোৰাৰ ফলত কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও শুকুৰবাৰে নিশা শিশুটিৰ মৃত্যু হয়।

শিশুটিৰ অকাল মৃত্যুুত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

Leave a Comment