নিউজ ডেস্ক। বৃহস্পতিবাৰে সন্ধিয়া ছত্তীশগড়ৰ ৰায়পুৰৰ বিমানবন্দৰত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুজন পাইলট নিহত হয়।
হেলিকপ্টাৰখন অৱতৰণৰ সময়ত কাৰিকৰী বিজুতিৰ ফলতে প্ৰচণ্ড গতিত ভূপতিত হয়।

দুৰ্ঘটনাটোত হেলিকপ্টাৰত থকা দুয়োজন পাইলট ক্ৰমে কেপ্টেইন গোপাল কৃষ্ণ পাণ্ডা আৰু কেপ্টেইন এপি শ্ৰীবাস্তৱ মৃত্যু হয়।
হেলিকপ্টাৰৰ ভিতৰত আন কোনো যাত্ৰী উপস্থিত নাছিল।

জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) প্ৰশান্ত আগৰৱালে কয় যে মানা আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত নিশা প্ৰায় ৯:১০ বজাত উৰণ অনুশীলনৰ সময়ত এই ঘটনা সংঘটিত হৈছিল।
দুৰ্ঘটনাটোৰ কাৰণ তাৎক্ষণিকভাৱে জনা নাযায়, যদিও তদন্ত অব্যাহত আছে।
#BREAKING : रायपुर एयरपोर्ट पर राज्य सरकार का हेलीकॉप्टर क्रैश, देखिए VIDEO#EXCLUSIVE #Video #Chhattisgarh #Helicoptercrash #BreakingNews pic.twitter.com/0HYxgWhsHL
— Lallu Ram (@lalluram_news) May 12, 2022
ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰে আৰু পাইলটসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লগতে চাওকঃ
বিশ্বৰ সৰ্বােচ্চ শৃংগ আৰােহণ সপ্তমগৰাকী অসমীয়াৰ
