শ্বহীদ ভাতৃৰ নশ্বৰ দেহত দৰাৰ সাজ পিন্ধালে জ্যেষ্ঠ ভাতৃয়ে, অক্টােবৰত ঠিক হৈছিল বিয়াৰ দিন

নিউজ ডেস্ক। এক আৱেগিক মুহূৰ্ত। দৃশ্য দেখি চকু সেমেকি উঠিল সকলােৰে।

বিয়াৰ মাত্ৰ ৩ মাহ পূৰ্বে শ্বহীদ এগৰাকী ভাৰতীয় সেনা জােৱানক শেষকৃত্যৰ পূৰ্বে দৰাৰ সাজ পিন্ধালে জ্যেষ্ঠ ভাতৃয়ে।

আত্মীয়ৰ মাজত উঠিল কান্দােনৰ ৰােল। চকুপানী টুকিলে আন বহুজনে।

এই দৃশ্য দেখা গ’ল হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ ঘুৰৱী গাঁৱত।

উল্লেখ্য যে জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কৃষ্ণ ঘাটি চেক্টৰত হোৱা এক লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ হৈছিল সেনা জোৱান চিপাহী কমলদেৱ বৈদ্য।

ইয়াৰ পিছতেই দেওবাৰে ২৭ বছৰীয়া শ্বহীদজনৰ নশ্বৰ দেহ হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ স্থানীয় ঘুৰৱী গাঁৱলৈ অনা হৈছিল।

শ্বহীদজনৰ নশ্বৰ দেহ যেতিয়াই নিজ ঘৰত উপস্থিত হৈছিল তেতিয়াই ঘৰখনত উঠিছিল কান্দোনৰ ৰোল।

ভাতৃৰ মুখ খন চাবলৈ নাপায় কান্দি কান্দি চিঞৰিছিল ভগ্নীয়ে। যিটো দৃশ্য দেখি চকুলো নিগৰিছিল উপস্থিত সেনা জোৱানৰো।

শ্বহীদ জােৱানৰ নশ্বৰ দেহত দৰাৰ সাজ

শ্বহীদ জোৱানজনৰ নশ্বৰ দেহ গাঁওখনত প্ৰৱেশ কৰোতে বাজি উঠিছিল এক ধ্বনি।

সকলোৱে চিঞৰিছিল যে যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব, তেতিয়ালৈকে কমলদেৱ জীয়াই থাকিব। শ্বহীদ সাহসী জোৱানজনৰ নশ্বৰ দেহত স্থানীয় বিধায়ক, উপায়ুক্ত, আৰক্ষী অধীক্ষকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে শ্বহীদ কমলদেৱ বৈদ্যৰ অহা অক্টোবৰত বিবাহৰ দিন ঠিক হৈছিল। সেয়েহে যোৱা এপ্ৰিল মাহত তেওঁ ঘৰলৈ ছুটীত আহি পুনৰ কৰ্তব্যত যোগদান কৰিছিল। আৰু অক্টোবৰত আহি বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল।

সেই অনুসৰি পৰিয়ালৰ লোকে আৰম্ভ কৰিছিল সকলো প্ৰস্তুতি।

শ্বহীদ জােৱানৰ নশ্বৰ দেহত দৰাৰ সাজ

বিবাহৰ দিনা দৰাই পৰিধান কৰিবলৈ দৰাৰ সাজৰো প্ৰস্তুতি কৰিছিল তেওঁলোকে। দৰাৰ সাজ তৈয়াৰ কৰি সম্পূৰ্ণ কৰিছিল পৰিয়ালৰ লোকে।

কিন্তু সেই পোছাক পৰিধান কৰিবলৈ নাপালে শ্বহীদজনে। সেয়েহে তেঁওৰ মৃতদেহ ঘৰত উপস্থিত হোৱাৰ পিছতেই জ্যেষ্ঠ ভাতৃয়ে পলিথিনেৰে আৱৰি ৰখা নশ্বৰ দেহত পিন্ধাই দিছিল সেই দৰাৰ সাজ। যিটো দৃশ্য দেখি উপস্থিত সকলোৱে আৱেগিক হৈ পৰিছিল।

সেই সময়ত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল ঘৰখনত। দৃশ্য টো দেখি ঘৰখনত উঠিছিল কান্দোনৰ ৰোল।

Leave a Comment