সংঘৰ্ষৰ পাছতে চলন্ত বাছৰ তলত সােমাই পৰিল বাইক আৰােহী, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী বাছৰ সৈতে সংঘৰ্ষ বাইকৰ।

এই সংঘৰ্ষৰ পাছতে বাইকৰ পৰা ছিটিকি পৰি বাছৰ তলত সােমাল বাইক আৰোহী।

চিচিটিভি কেমেৰাত বন্দী হ’ল এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য। অৱশ্যে আশ্চৰ্যজনক ভাৱে প্ৰাণৰক্ষা পৰিল বাইক আৰােহী যুৱকজনৰ।

বাছৰ তলত সোমাইয়ো তেওঁ সুস্থভাৱে নিজেই ওলাই আহে বাছৰ তলৰ পৰা।

ইয়েই প্ৰমাণ কৰে যে ‘ৰাখে হৰি মাৰে কোনে’।

এই ঘটনা সোমবাৰে আবেলি সংঘটিত হৈছে গুজৰাটৰ দাহোদৰ গোধৰা ৰোডত।

বৰ্তমান এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

৪৮ ছেকেণ্ডৰ ভাইৰেল দৃশ্যটোত দেখা অনুসৰি, এটা পথত আহি আছে এখন পৰিবহণ নিগমৰ বাছ। সেই স্থানত পথটোত আছিল এক টাৰ্ণিং। তেনেতে দ্ৰুতবেগত পিছফালৰ পৰা আহে এজন বাইক আৰোহী।

তেওঁ বাওঁফালেৰে বাছখন অভাৰটেক কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁ চলন্ত বাছখনে বাইকত খুন্দা মাৰে দ্ৰুতবেগত।

এই সংঘৰ্ষৰ পাছতে তেওঁ সোমাই পৰে বাছখনৰ তলত। তেওঁৰ বাইকখন উফৰি গৈ পৰেগৈ কিছু দূৰত।

তেওঁ বাছখনৰ তলত সোমাই থাকোতে বাছখন চলন্ত অৱস্থাত আছিল। তেওঁ বাছৰ তলত সোমোৱাৰ পিছতহে ব্ৰেক মাৰে বাছৰ চালকে। কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰে তেওঁৰ জীৱন।

বাছখন ৰখোৱাৰ পিছতেই তেওঁ সুস্থ ভাৱে নিজেই ওলাই আহে বাছৰ তলৰ পৰা। ওলায়েই তেওঁ চাই নিজৰ বাইকখন।

আন এজন বাইক আৰোহীক তেওঁৰ বাইকখন দাঙি সহায় কৰা দেখা যায়।

উল্লেখ্য যে এই ভিডিঅ’টো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত বহুতেই কৰিছে মন্তব্য। এজন ব্যৱহাৰকাৰীয়ে কয়, “তেওঁ ভাগ্যৱান যে তেওঁ জীয়াই আছে। কিন্তু এইটো সম্পূৰ্ণৰূপে তেওঁৰ দোষ যে তেওঁ বাওঁফালৰ পৰা অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল।”

আন এজন ব্যৱহাৰকাৰীয়ে কয়, “কিছুমান বাইক আৰোহীয়ে ভাবে যে কম সময়ৰ ভিতৰতে অতিক্ৰম কৰাটো এটা খেল। আৰু তাৰ পিছত এনে হয়।”

Leave a Comment