সক্ৰিয় ৰাজনীতিত ভৰি দিব চনু সুদে! তুমুল চৰ্চাৰ মাজতে ক’লে এই কথা…

নিউজ ডেস্ক। কোভিড মহামাৰী আৰু লকডাউনৰ সময়ত লাখ লাখ ভাৰতীয়ৰ কাষত থিয় হৈ দেশবাসীৰ হৃদয় জিনিছিল বলিউডৰ অভিনেতা চনু সুদে। কিন্তু এইবাৰ ৰাজনীতিৰ দৌৰত নিজৰ ভাগ্য নিৰ্ণয়ৰ বাবে সাজু হৈছে অভিনেতাগৰাকী।

FH8-KMek-UUAQq8v8

বাতৰি অনুসৰি, অহা ১০ দিনৰ ভিতৰত চনু সুদে তেওঁৰ ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব।

আনহাতে এইবাৰ ৰাজনীতিত তেওঁ নিজেই প্ৰৱেশ কৰাৰো ইংগিত দিছে। সমাগত পঞ্জাৱ নিৰ্বাচনৰ পৰাই তেওঁ তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

FHYSz-Y1-Uc-AIijk-C

ইফালে, অহা ৫ জানুৱাৰীত পঞ্জাৱৰ ফিৰোজপুৰত অনুষ্ঠিত হবলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ ৰেলীত চনু সুদে অংশ ল’ব বুলি চৰ্চা চলিছিল। কিন্তু সেই চৰ্চা প্ৰত্যাখ্যান কৰি অভিনেতাগৰাকীয়ে এইবোৰ উৰাবাতৰি বুলি অভিহিত কৰে।

ইয়াৰ বিপৰীতে ৪ জানুৱাৰীত তেওঁ পঞ্জাৱৰ দৰিদ্ৰ যুৱতী আৰু আশা কৰ্মীৰ মাজত ১০০০ খন চাইকেল বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, অভিনেতা চনু সুদৰ ৰাজনৈতিক যাত্ৰাক লৈ দীৰ্ঘদিনৰ পৰা চৰ্চা অব্যাহত আছে। কিন্তু শেহতীয়াকৈ অভিনেতাগৰাকীয়ে নিজেই এই কথা স্পষ্ট কৰে।

আনহাতে তেওঁৰ ভগ্নী মালবিকাই পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ইতিমধ্যেই ঘোষণা কৰিছে।

যোৱা মাহত, চনু সুদে চণ্ডীগড়ত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল তেওঁৰ ভগ্নী মালবিকাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল।

আনহাতে সেই সময়তে অভিনেতাগৰাকীয়ে পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীকো সাক্ষাৎ কৰে। যাৰ পিছত চনু সুদে কংগ্ৰেছত যোগ দিব বুলিও কিছুদিনৰ বাবে চৰ্চা আৰম্ভ হয়।

Leave a Comment