সুঃখবৰঃ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হব ৰীমা দাসৰ ‘তৰা’জ হাজবেণ্ড’

সুঃখবৰঃ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হব ৰীমা দাসৰ ‘তৰা’জ হাজবেণ্ড’

September 10, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আন এক অনন্য সফলতা লাভৰ দিশে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি নিৰ্মাতা ৰীমা দাসৰ ‘তৰা’জ হাজবেণ্ড’লৈ।

এছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চলচ্ছিত্ৰ মহোৎসৱ ‘বুছান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল’ত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ তৰা’জ হাজবেণ্ড।

উল্লেখ্য যে, ৫-১৪ অক্টোবৰলৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া চলচ্ছিত্ৰ মহোৎসৱখনিৰ ‘A window on Asian cinema’ শীৰ্ষক এক বিশেষ শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছে তৰা’জ হাজবেণ্ড ছবিখন।

ইয়াৰ পূৰ্বে দেওবাৰে সন্মানীয় টৰ’ণ্টো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হয় ছবিখন।

উল্লেখ্য যে, ৰীমা দাসৰ নিৰ্মিত দ্বিতীয়খন ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ’এ ২০১৭ চনত TIFFত বিশ্ব প্ৰিমিয়াৰ হৈছিল আৰু ছবিখনে আন্তৰ্জাতিক প্ৰশংসাও লাভ কৰিছিল।

এই ছবিখন অস্কাৰত শ্ৰেষ্ঠ বিদেশী ভাষাৰ শ্ৰেণীত ভাৰতৰ আনুষ্ঠানিক নিৰ্বাচন আছিল আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

ৰীমা দাসৰ আন এক ছবি ‘বুলবুল কেন ছিং’য়েও ২০১৮ চনত TIFFত বিশ্বব্যাপী আত্মপ্ৰকাশ কৰিছিল।

‘তৰাজ হাছবেণ্ড’ ছবিটো তেওঁৰ তৃতীয়টো চলচ্চিত্ৰ যিয়ে TIFFত প্ৰথমবাৰৰ বাবে বিশ্ব প্ৰদৰ্শন লাভ কৰিব।