সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমতাে সলনি হ’ল পৰিচয়…

সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমতাে সলনি হ’ল পৰিচয়…

May 9, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অৱশেষত সকলাে জল্পনা-কল্পনাৰ অন্ত পেলাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বিজেপিৰ বিধায়িনী দলে নিৰ্বাচিত কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাক।

বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ কেইটামান মূহূৰ্তৰ পূৰ্বে ৰাজ্যপাল পােঃ জগদীশ মুখীক সাক্ষাৎ কৰি সােণােৱালে অৰ্পণ কৰিলে নিজৰ পদত্যাগ পত্ৰ।

ইয়াৰ পাছতে টুইট কৰি সৰ্বানন্দ সােণােৱালে কয় ”অসম বিজেপিৰ বিধায়িনী দলৰ সভাপতি হিচাপে নিৰ্বাচিত হােৱা বাবে শুভেচ্ছা জনালাে। মই বিশ্বাস কৰাে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত আপুনি অসমক উন্নয়নৰ যাত্ৰাত টীম অসম হিচাপে আগুৱাই নিব।”

এই টুইট কৰাৰ কিছু সময় পাছতে সৰ্বানন্দ সোণোৱালৰ নামত থকা টুইটাৰ একাউন্টৰ পৰিচয় সলনি হয়।

টুইটাৰ প্ৰফাইলত নতুনকৈ লিখা হলঃ প্ৰাক্তন মুখ্যমন্ত্ৰী, অসম | বিধায়ক, মাজুলী (Ex-Chief Minister, Assam | MLA, Majuli)।

উল্লেখ্য দিনটােৰ ঘটনাক্ৰম সামাজিক মাধ্যমতাে ব্যাপক চৰ্চা লাভ কৰিছে। বিশেষকৈ নিজৰ চকী ত্যাগ কৰি সৰ্বানন্দ সােণােৱালে উদাৰতাৰ পৰিচয় দি নিজেই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰা কাৰ্যক সকলােৱে একমুখে প্ৰশংসা কৰিছে।

লগতে চাওকঃ

ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালৰ