সন্ত্ৰাসবাদীৰে সংঘৰ্ষত গুলীবিদ্ধ হৈ শ্বহীদ ভাৰতীয় সেনাৰ ’জুম’

নিউজ ডেস্ক। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে হােৱা সংঘৰ্ষত গুলীবিদ্ধ হৈ শ্বহীদ হ’ল ভাৰতীয় সেনাৰ পৰাক্ৰমী প্ৰশিক্ষিত কুকুৰ ‘জুম’।

উল্লেখ্য যে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কােকেৰনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলােৱা অভিযানৰ সময়তে দুটাকৈ গুলীৰ আঘাতৰ পিছতে চিকিৎসাধীন হৈ আছিল ‘জুম’।

দুদিন ধৰি চিকিৎসাধীন অৱস্থাত থকাৰ পিছতে বৃহস্পতিবাৰে শ্ৰীনগৰৰ পশু চিকিৎসালয়ত মৃত্যু ঘটে ‘জুম’ৰ।

দেশৰ নিৰাপত্তাৰ স্বাৰ্থত চৰম ত্যাগ কৰি শ্বহীদ হােৱা ‘জুম’লৈ শ্ৰদ্ধাঞ্জলি যাচিছে ভাৰতীয় সেনাই।

উল্লেখ্য যে ইং ২੦২੦ বৰ্ষৰ ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ‘জুম’ প্ৰশিক্ষণৰ অন্তত চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত আনুষ্ঠানিকভাৱে সেনা বাহিনীৰ ২৮ নং ডগ ইউনিটত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মৃত্যু পৰ্যন্ত সেনাৰ সন্ত্ৰাসবাদ বিৰােধী অভিযানত অংশ লৈছিল।