সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ‘এক্সেল’ক শেষ বিদায় জনালে ভাৰতীয় সেনাই…

নিউজ ডেস্ক। দেশৰ নিৰাপত্তাৰ খাতিৰত সৰ্বােচ্চ বলিদান দিলে ‘এক্সেল’ নামৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ প্ৰশিক্ষিত কুকুৰটােৱে।

উল্লেখ্য যে বিগত সময়ত বহু সন্ত্ৰাসবাদ বিৰােধী অভিযানত সেনাক সহযােগ কৰিছিল এক্সেলে।

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত নিৰাপত্তাৰক্ষীয়ে চলােৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীত মৃত্যুবৰণ কৰে ভাৰতীয় সেনাৰ ‘এক্সেল’ নামৰ কুকুৰটােৱে।

এই সংঘৰ্ষৰ সময়ত এটা সন্ত্ৰাসবাদী নিহত হয় আৰু তিনিজন সুৰক্ষা বাহিনীৰ জোৱান আহত হয়।

শনিবাৰে ৰাতিপুৱা ৱানিগাম গাঁৱত আৰক্ষী আৰু সেনাই অঞ্চলটোত পাকিস্তানৰ এক নাগৰিককে ধৰি কমেও তিনিটা সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰৰ ভিত্তিত এক যুটীয়া অভিযান আৰম্ভ কৰাৰ পিছত দুয়ো ফৈদৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়।

সন্ত্ৰাসবাদীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ, দুটা সেনা কুকুৰ- ‘বাজাজ’ আৰু ‘এক্সেল’ৰ শৰীৰত কেমেৰা সংস্থাপন কৰি নিৰ্দিষ্ট ঘৰটোৰ ভিতৰলৈ প্ৰেৰণ কৰা হৈছিল।

ইয়াৰ পাছতে, নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। সেইসময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে এলেক্সক তিনিটা গুলীৰে আঘাত কৰে।

বিষয়াসকলে জনোৱা অনুযায়ী, ঘটনাস্থলীতে এলেক্সৰ মৃত্যু হয়।

প্ৰচণ্ড গুলীবৰ্ষণত এটা সন্ত্ৰাসবাদী নিহত হয় আৰু আন দুই সন্ত্ৰাসবাদী পলাই যাবলৈ সক্ষম হয়।

ইপিনে, ভাৰতীয় সেনাই সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে ‘এক্সেল’ক শ্ৰদ্ধাঞ্জলি জনায়। লগতে দেশৰ বাবে এক্সেলে কৰা ত্যাগৰ বাবে কৃতজ্ঞতা জনায়।