সপোনৰ জখলাৰে বগাই আকাশ চুবৰ মন! WPLত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব অসম কন্যা জিণ্টিমণি কলিতাই…

সপোনৰ জখলাৰে বগাই আকাশ চুবৰ মন! WPLত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব অসম কন্যা জিণ্টিমণি কলিতাই…

February 14, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ সপোনৰ জখলাৰে বগাই আকাশ চুব বিচৰা ছোৱালীজনীয়ে আজি সমগ্ৰ অসমবাসীকে দিলে এটি ভাল খবৰ।

প্ৰথমবাৰৰ বাবে দেশত অনুষ্ঠিত হ’বলগীয়া মহিলা ক্ৰিকেট প্ৰিমিয়াৰ লগী (ডব্লিউপিএল)ত মুম্বাই ইণ্ডিয়ানছৰ বাবে নিৰ্বাচিত হ’ল অসম কন্যা জিণ্টিমণি কলিতা।

যি সময়ত ক্ৰিকেট কেৱল পুৰুষৰ খেল বুলিয়েই একাংশই ভাৱি আহিছে, সেই সময়ত ডব্লিউ পি এলৰ বাবে জিণ্টিমণিৰ নিৰ্বাচনে স্বাভাৱিক সুখৰ লহৰ তুলিছে মঙলদৈৰ লগতে সমগ্ৰ অসমত।

অলৰাউণ্ডাৰ ক্ৰিকেটাৰগৰাকীয়ে অৱশ্যে ইয়াতেই থমকি ৰ’ব বিচৰা নাই। জিণ্টিমণিৰ সপোন- ভৱিষ্যতে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলিব।

উল্লেখ্য যে, ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ডব্লিউ পি এলৰ নিলামত মঙলদৈৰ শান্তিপুৰৰ কন্যা জিণ্টিমণিক ১০ লাখ টকাত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে।

ঘৰুৱা ক্ৰিকেটত বেটে-বলে চমক সৃষ্টি কৰি অহা জিণ্টিয়ে ডব্লিউপিএলতো ভাল প্ৰদৰ্শনেৰে অসমবাসীক গৌৰৱাম্বিত কৰিব বুলি এইমুহূৰ্তত আশাবাদী সকলো।

আনহাতে মুম্বাই ইণ্ডিয়ানছৰ হৈ নিৰ্বাচিত হৈ আনন্দত ভাষাহীন হৈ পৰে জিণ্টিমনি।

তেওঁ কয় যে নিশা আঢ়ৈ বজালৈকে তেওঁ চিলেকশ্যন লিষ্টত নিজৰ নামটো পাবলৈ অপেক্ষা কৰি আছিল।

কিন্তু এনে এক সময়ো আহিছিল- যেতিয়া তেওঁৰ বাচনি নহয় বুলি ভাৱিবলৈ বাধ্য হৈছিল।

কিন্তু মনৰ দৃঢ় বিশ্বাস আৰু পিতৃ-মাতৃৰ আশীৰ্বাদে অৱশেষত ডব্লিউ পি এললৈ তেওঁক বাচনি কৰোৱালে বুলি মন্তব্য কৰে জিণ্টিমণিয়ে।