সপোন চূৰমাৰ! আৰক্ষীৰ চাকৰিৰ আশাৰে অনুশীলনৰ বাবে গৈ ট্ৰাকৰ খুন্দাত মৃত্যু ৩ কিশোৰৰ…

সপোন চূৰমাৰ! আৰক্ষীৰ চাকৰিৰ আশাৰে অনুশীলনৰ বাবে গৈ ট্ৰাকৰ খুন্দাত মৃত্যু ৩ কিশোৰৰ…

May 24, 2022 0 By NEWS DESK

মঙলবাৰে পুৱাই সংঘটিত হয় এক শোকৱাহ পথ দুৰ্ঘটনা।

তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে ৭ গৰাকী প্ৰাতঃভ্ৰমণকাৰীক।

যাৰ ফলত ৩ কিশোৰীসহ এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৫ গৰাকীকৈ লোকে।

দৰঙৰ ছিপাঝাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

ছিপাঝাৰৰ কলেজ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

আৰক্ষীৰ চাকৰিৰ আশাৰে অনুশীলনৰ কৰি থকাৰ সময়তে ৮ গৰাকী কিশোৰৰ লগতে প্ৰাতঃভ্ৰমণলৈ যোৱা কেইবাগৰাকীও মহিলাক মহতিয়াই নিয়ে তীব্ৰ বেগী ট্ৰাক খনে।

যাৰ ফলত কৰুণ মৃত্যুক আকোৱালি লয় ৩ গৰাকী কিশোৰ সহ দুই মহিলাই।

উল্লেখ্য যে, মৃত ৩ কিশোৰ আছি মেট্ৰিক পৰীক্ষাৰ্থীৰ। পৰীক্ষাৰ ফলাফল দিয়াৰ প্ৰাক্ ক্ষণত আৰক্ষীত চাকৰিৰ আশাৰে সমনীয়াৰ সৈতে অনুশীলন কৰিবলৈ মৃত্যু ৩ কিশোৰে।

দুৰ্ঘটনাত মৃত্যু মুখত পৰা তিনিগৰাকী কিশোৰ ক্ৰমে- ১৬ বছৰীয়া মৃত ইন্দাদুল হক, জিন্টু মণি আহমেদ আৰু ৰেকিব আলি। আনহাতে মৃত মহিলা দুগৰাকী হ’ল সংগীতা ডেকা শৰ্মা আৰু জয়মতী বৰুৱা।

আনহাতে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ১৬ বছৰীয়া চাহিল আখতাৰ, ইজাজুল হক, ফাৰুক আহমেদ।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ- AS-11-BC–1555

ইপিনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ ড্ৰাইভাৰ-হেণ্ডিমেন৷

এই শোকাৱহ ঘটনাৰ পিছতে আত্মীয়ক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালৰ লোক।