সফলতা গছত লগা ফল নহয়! পথাৰত হাল বাই, শাক-পাচলি বিক্ৰী কৰি অৱশেষত আৰক্ষী কমাণ্ডো হ’ল টিংখঙৰ মায়াদেৱী…

নিউজ ডেস্কঃ সফলতা গছত লগা কোনো ফল নহয়।

সফলতা লাভ কৰিবলৈ হ’লে কৰিব লাগিব পৰিশ্ৰম, থাকিব লাগিব আগুৱাই যোৱাৰ মানসিকতা আৰু এটা সুস্থিৰ লক্ষ্য।

মায়াদেৱীৰ বাবেও সফলতা এক প্ৰত্যাহ্বান আছিল। ৰুগীয়া পিতৃৰ সহায় কৰাৰ পৰা ঘৰখনৰ আধা দায়িত্ব মূৰ পাতি লোৱালৈকে অলেখ দায়িত্ব আছিল মায়াদেৱীৰ মূৰত।

কৰো বুলিলে, অজুহাত এটা লৈ মায়াদেৱীয়েও জীৱনৰ পৰা পলায়ন কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ সেয়া নকৰিলে। বৰং অধিক দৃঢ়তাৰে আগবাঢ়ি গৈ থাকিল সন্মুখৰ বাটত।

আৰু তাৰেই যেন আজি ফল লাভ কৰিলে মায়াদেৱী আৰু পৰিয়ালে।

গাঁৱৰ পথাৰত বোকা-পানী গচকা, চাইকেল লৈ কেইবা কিলোমিটাৰ নিলগত শাক পাচলি বিক্ৰী কৰা মায়াদেৱী কোঁৱৰে আৰু দুদিন পিছতে আৰক্ষীৰ পোছাক পিন্ধি সমাজখন সংস্কাৰ কৰিবলৈ চেষ্টা চলাব। কাৰণ এতিয়া তেওঁৰ নতুন পৰিচয় অসম আৰক্ষীৰ কমাণ্ডো।

ডিব্ৰুগড় জিলাৰ টিংখঙৰ কুঁৱৰীগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত নামনি গড়গুৰি গাঁৱত ঘৰ মায়াদেৱী কোঁৱৰৰ। পিতৃৰ নাম চক্ৰ কোঁৱৰ আৰু মাতৃ হৈছে সোনতৰা কোঁৱৰ। পিতৃয়ে খেতি কৰে।

পৰিয়ালটো বেচিকৈ অভাৱত ককবকালে মাজে মাজে দিন হাজিৰাও কৰিবলৈ যায়। পিতৃ অসুস্থ। সেয়ে ঘৰখনৰ আধা দায়িত্ব স্বইচ্ছাই মূৰ পাতি লৈছে তেওঁলোকৰ তৃতীয় কন্যা মায়াদেৱী কোঁৱৰে।

পুৱা হাতত কোৰ লৈ পথাৰত আলি কাটিবলৈ যায় মায়াদেৱীয়ে। ঘৰৰ পিছফালে তেওঁ নিজেই শাক-পাচলি লগাইছে। গৰু চৰোৱাৰ পৰা হাঁহ-পাৰলৈকে সকলোখিনি কৰিছে।

পুৰুষৰ দৰেই পথাৰৰ ধান কাটি ভঁৰাললৈ কঢ়িয়াই আনে মায়াদেৱীয়েই। তাৰ মাজতে আকৌ প্ৰতি দেওবাৰে টিংখঙৰ সাপ্তাহিক বজাৰলৈ চাইকেল চলাই আহি শাক-পাচলি বিক্ৰী কৰে যুৱতীগৰাকীয়ে।

কষ্ট কৰি উপাৰ্জন কৰা টকা কেইটাৰ আধা দেউতাকৰ হাতত তুলি দিয়ে ঘৰ চলাবলৈ। আধা দিয়ে ভাতৃ-ভগ্নী কেইটাক। বাকী ৰোৱা খিনিৰে নিজৰ প্ৰয়োজনীয় দুই এপদ সম্পদ সামগ্ৰী কিনি লয় মায়াদেৱীয়ে।

আন যুৱতীৰ দৰে হাতৰ দামী মোবাইলত চেলফি উঠি সামাজিক মাধ্যমত আপলোড কৰিবলৈ আগ্ৰহী নহয় মায়াদেৱী। হাতৰ কোৰ-কুঠাৰখনেই প্ৰিয় কৰি লৈ এগৰাকী সম্পূৰ্ণ গাঁওলীয়া ছোৱালী হৈ নিজৰ দায়িত্ব সম্পাদন কৰি যায় যুৱতীগৰাকীয়ে।

ৰুগীয়া পিতৃ আৰু ভাই-ভনী কেইটাৰ বাবে ইমানখিনি কষ্ট কৰিও সংগোপনে মায়াদেৱীয়ে এটা সপোন গুঁঠিছিল। সেয়া হৈছে- কমাণ্ডো হোৱাৰ। তাৰ বাবে প্ৰতিদিনে প্ৰস্তুতিও চলাইছিল যুৱতীগৰাকীয়ে।

যেতিয়া গোটেই গাঁওখন টোপনিত নিতাল মাৰি থাকে, তেতিয়াই দৌৰিবলৈ গৈ শুই উঠাৰ আগতেই আকৌ উভতি আহিছিল। আৰু তাৰ পিছত আৰম্ভ হৈছিল মায়াদেৱীৰ দৈনন্দিন ৰুটিন।

এক কথাত ক’বলৈ গ’লে আজি মায়াদেৱী কোঁৱৰে জীৱনক জয় কৰিবলৈ সক্ষম হৈছে। ছ’চিয়েল মিডিয়াৰ ৫ মিনিটৰ ষ্টেটাছক বিশ্বাস নকৰা মায়াদেৱীয়ে লাভ কৰিছে কষ্টৰ ফল।

সেয়ে আৰক্ষীৰ কমাণ্ডো হিচাপে নিজৰ এই সাফল্যত সুখী হৈছে। লগতে স্বস্তিৰ উশাহ এৰিছে যুৱতীগৰাকীৰ অভাৱৰ মাজেৰে চলা পৰিয়ালটোৱেও।

নিঃসন্দেহে মায়াদেৱী আন বহু যুৱক-যুৱতীৰ বাবে এটা প্ৰেৰণাৰ নাম হৈ বিৰিঙিছে আজি। সেয়ে তেওঁক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে গাঁওবাসীৰ লগতে বিভিন্নজনে। মায়াদেৱীক লৈ গৌৰৱাম্বিত টিংখংবাসীও।

লগতে চাওকঃ

শোকাবহ! জম্মু-কাশ্মীৰত মৃত্যু সীমান্ত সুৰক্ষা বাহিনীত কৰ্তব্যৰত অসম সন্তান দুলাল শৰ্মাৰ, শোকস্তব্ধ পৰিয়াল…