সমাজে এঘৰীয়া কৰা ব্যক্তিক শিৱ পূজাৰ প্ৰসাদ খাবলৈ মতাৰ বাবেই বিপদত পৰিবলগীয়া হ’ল এটা পৰিয়াল…

সমাজে এঘৰীয়া কৰা ব্যক্তিক শিৱ পূজাৰ প্ৰসাদ খাবলৈ মতাৰ বাবেই বিপদত পৰিবলগীয়া হ’ল এটা পৰিয়াল…

August 23, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ইশ্বৰৰ কৃপাদৃষ্টি পৰক বুলি ঘৰতে সৰুকৈ এখন শিৱ পূজাৰ আয়োজন কৰিছিল এটা ব্ৰাহ্মণ পৰিয়ালে। কিন্তু তাতেই লাগিল কেৰোণ।

শিৱ পূজাত নঘটিবলগীয়া ঘটনা ঘটিল, নাহিবলগীয়া এজন মানুহ আহিল। যাৰ বাবে এতিয়া সমাজৰ ৰোষত পৰিবলগীয়া হ’ল পৰিয়ালটো।

আধুনিক সমাজক লজ্জানত কৰা পাতালসিং পাৰাৰ গণক চুবাৰ দৰে আন একে ঘটনা সংঘটিত হৈছে মঙলদৈতে।

ঘৰত আয়োজিত শিৱ পূজাৰ প্ৰসাদ খাবলৈ সমাজে এঘৰীয়া কৰি ৰখা এজন ব্যক্তিক মতাৰ বাবেই সমাজে এঘৰীয়া কৰিলে এটা পৰিয়ালক।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ। এইবাৰ এই ঘটনা সংঘটিত হৈছে ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলৰ ২নং ঘোঁৰাশাল গাঁৱত।

জানিব পৰা মতে, গাঁওখনৰ আনন্দিপাৰা চুবুৰীৰ দীনেশ শৰ্মা নামৰ লোকজনে ঘৰত এখন শিৱ পূজাৰ আয়োজন কৰিছিল।

সেই পূজাৰ প্ৰসাদ খাবলৈ মতা হৈছিল গাঁওখনৰ সমাজে কেইবাবছৰ ধৰি এঘৰীয়া কৰি ৰখা এটা পৰিয়ালক।

সেই ব্যক্তিজনে দীনেশ শৰ্মাৰ চোতাললৈ আহি পূজাৰ প্ৰসাদ খোৱাৰ পিছদিনাই এখন পত্ৰ লিখি গাঁৱৰ সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠানত পৰিয়ালটোৰ উপস্থিতি সাময়িকভাৱে বাৰণ কৰে।

জানিব পৰা মতে, যোৱা এটা বছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছে দীনেশ শৰ্মা। যাৰ বাবে তেওঁৰ পত্নীয়ে এতিয়া আনৰ ঘৰত কাম কৰি পৰিয়ালটো কোনোমতে পোহপাল নিয়াই আছে। ঘৰত আছে এগৰাকী বিবাহপোয্য ছোৱালীও। কিন্তু তাৰ পিছতো সমাজে পৰিয়ালটোক এনেদৰে এঘৰীয়া কৰাত এতিয়া ছোৱালী জনীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে পৰিয়াল।

সমান্তৰালভাৱে দীনেশ শৰ্মাৰ পত্নীক এতিয়া গাঁৱৰ কোনো লোকে কাম কৰিবলৈ নমতাত আৰ্থিক সংকটৰো সন্মুখীন হোৱাৰ উপক্ৰম হৈছে পৰিয়ালটোৰ।

সামাজিক ৰীতি-নীতিৰ দোহাই দি সৰু সৰু কথাতেই এনেদৰে এটা পৰিয়ালক এঘৰীয়া কৰা ব্ৰাহ্মণ সমাজখনৰ সিদ্ধান্তক লৈও সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলদৈ জিলাৰে পাতালসিং পাৰাৰ গণক চুবাত অসবৰ্ণ বিবাহ কৰাৰ বাবে অতুল শৰ্মা নামৰ এজন লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল ব্ৰাহ্মণ সমাজখনে।

সেই ঘটনাক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই আকৌ এক অনুৰূপ ঘটনা একেখন জিলাত সংঘটিত হোৱাৰ উদ্বেগ ব্যক্ত কৰিছে বিভিন্নজনে।