সম্পত্তি,পত্নী, বিবাহ বিচ্ছেদ! সংবাদমেলৰ জৰিয়তে এই স্পষ্টীকৰণ দিলে সাংবাদিক নিতুমণি শইকীয়াই…

নিউজ ডেস্ক। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ ব্যক্তিগত জীৱনৰ ঘটনাৰাজিৰ সন্দৰ্ভত সামাজিক মাধ্যমত শেহতীয়াকৈ অব্যাহত আছে বিতৰ্ক।

বিশেষকৈ সাংবাদিকগৰাকীৰ পত্নীয়ে বিবাহ বিচ্ছেদ বিচাৰি পাৰিবাৰিক আদালতৰ দ্বাৰস্থ হােৱাৰ লগতে এই বিষয়ে মুকলিকৈ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰাৰ পিছতে অধিক চৰ্চা লাভ কৰিছে দম্পতীৰ ব্যক্তিগত জীৱনৰ বিষয়টাে।

এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদ মেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি নিতুমণি শইকীয়াই কয় যে সকলােৱে সত্য জনাটাে উচিত।

UB Photos

তেওঁ আদালতত বিচাৰাধীন হৈ থকা বিবাহ বিচ্ছেদ সম্পৰ্কত কোনো মন্তব্য নকৰো বুলি উল্লেখ কৰি কয় যে – আজিৰ দিনটোলৈকে আমি পতি-পত্নী। মই এতিয়াও আশা কৰো আমাৰ মাজত যি ভুল বুজাবুজি আছে সেইখিনি দূৰ হ’ব আৰু আহি থকা দিনত আমি আকৌ একেলগেই থাকিম।

আমাৰ ১২ বছৰীয়া ছোৱালী জনীৰ তেওঁ মাতৃ তাৰোপৰি তেওঁ এগৰাকী অধ্যাপিকা। মই শিক্ষক সকলক সন্মান কৰো আৰু তেওঁক এগৰাকী মাতৃ হিচাপেও সন্মান কৰো। সেয়ে বিবাহ বিচ্ছেদ সম্পৰ্কত কোনো কথা নকও।

UB Photos

ইপিনে, সা-সম্পত্তিৰ বিষয়টোৰ সন্দৰ্ভতহে তেওঁ সংবাদমেলত স্পষ্টীকৰণ প্ৰকাশ কৰি তেওঁ কয়- বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাৰ পৰাই ৰেডিঅ’ৰ লগত জড়িত হৈ আছিলো আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বিগত ২২ বছৰ ধৰি মই ৰেডিঅ’ আৰু টেলিভিছনৰ লগতেই জড়িত হৈ আছো।

এন ই টি ভিট কাম কৰাৰ সময়তে ২০০৬ চনত মই বিবাহপাশত আবদ্ধ আছিলো। তেতিয়াই মোৰ দৰমহা আছিল ১০ হাজাৰ টকা। তেওঁ এই কথা উল্লেখ কৰি দৰমহাৰ শ্লিপো দেখুৱাই। ২০০৭ চনত মই নিউজ লাইভলৈ আহিছিলো। তেতিয়া মোৰ দৰমহা আছিল ২২ হাজাৰ টকা।

UB Photos

ইয়াৰ পিছত তেওঁ কয়- এন ই টিভি এৰি নিউজ লাইভলৈ অহাৰ সময়ত টপ মডেলৰ ভাৰ্না গাড়ী কিনাৰ বাবে বহুতেই সেই গাড়ীখন হিমন্ত বিশ্ব শৰ্মাই উপহাৰ হিচাপে দিয়া বুলি চৰ্চা চলিছিল। আনকি বহুতেই মোক সুধিছিল।

২০০৭ চনত এছ বি আইৰ পৰা ৬ লাখ ৬৭ হাজাৰ টকা ঋণ লাভ কৰিছিলো। গাড়ীখন ক্ৰয় কৰোতে ৰিণিকী ভূঞা শৰ্মাই ৫ লাখ টকা দি সহায় কৰিছিল।

যেতিয়া মই নিউজ লাইভ ত্যাগ কৰিছিলো তেতিয়া মই সেই ৫ লাখ টকাৰ ভিতৰত দৰমহাৰ পৰা কাটি ৰখাৰ উপৰিও ৪ লাখ ১০ হাজাৰ টকা ঘূৰাই দি থৈ আহিছিলো। গাড়ীখন মই অসৎ প্ৰক্ৰিয়া বা কাৰোবাৰ পুতৌৰ পাত্ৰ হৈ ক্ৰয় কৰা নাছিলো। এতিয়া ভাৰ্না গাড়ীখন নাই। ১০ বছৰ হোৱাৰ পিছত সেইখন বিক্ৰী কৰিছো।

এতিয়া মোৰ ফৰ্চোনাৰ গাড়ীখনক লৈ প্ৰশ্ন উত্থাপন হৈছে।

সকলোৰে এটাই প্ৰশ্ন এজন সাংবাদিক হৈ ফৰ্চোনাৰ বাহন কেনেকৈ কিনিলে? গাড়ীখন যেতিয়া মই কিনিছিলো সেই সময়ত দাম আছিল ২৭ লাখ টকা। গাড়ীখনৰ বাবে এইছ ডি এফ চিয়ে ১৫ লাখ ৬৭ হাজাৰ ৬১ টকা ঋণ আগবঢ়াইছিল। বাকীখিনি ধন প্ৰতিদিন গোষ্ঠীৰ মেনেজমেণ্ট আৰু শ্ৰদ্ধাৰ জয়ন্ত বৰুৱাৰ সহায়ত মই ফৰ্চুনাৰ বাহনখন লৈছিলো। গতিকে কোনোবাই যদি এইগাড়ীখন ব্লেক মেইলিং বা উপহাৰ হিচাপে লাভ কৰিছো বুলি ভাবিছে তেনেহ’লে কথাখিনি জানি লৈ কওঁক। এয়া মোৰ গাড়ীৰ অধ্যায়।

ইফালে তেওঁৰ তিনিটা ফ্লেট আছে বুলি যি চৰ্চা চলিছে সেই সন্দৰ্ভত কয় যে- মোৰ কোনো ৩ টা ফ্লেট নাই। তেওঁ কয় ২০০৭ চনৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈ শেৱালী পথৰ মেঘমল্লা এপাৰ্টমেণ্টত ভাড়া আছিলো। মই এতিয়া হাউচিঙৰ ঘৰ এটাত এতিয়া আছো। ৭ মাহ হৈছে এই ঘৰটোত থকা।

বহুতেই ভাবিছে মই তাতা ফ্ৰীতে আছো। কিন্তু মই ঘৰটোৰ বাবে ভাড়া দিওঁ। পানী, বিজুলীৰ বিল দিওঁ। প্ৰতিদিনে পানী কিনিব লাগে। ঘৰটোত ফ্ৰীতে থাকো বুলি ভবাটো ভুল।

মোৰ কোনোধৰণৰ এতিয়ালৈকে ৰেডিমেট ফ্লেট নাই। এটা ফ্লেট নিৰ্মাণ কৰিহে আছো। নিউ গুৱাহাটীৰ ইষ্টাৰ্ণ এনক্লেভত ২৩ শ স্কোৱেৰ ফুটৰ এটা ফ্লেট বনাই আছো। যিদিনাখন মোক ফ্লেট বিল্ডাৰে হস্তান্তৰ কৰিব সেইদিনাই মই হাউচিঙৰ ঘৰটো এৰি দিম।

অৰ্ধনিৰ্মিত ঘৰ এটাত কোনো থাকিব নোৱাৰে, ময়ো নোৱাৰো। ইয়াৰ বাহিৰে ক’ৰবাত যদি এটাও ফ্লেট মোৰ নামত পাই আজিয়েই মই ৰাজহুৱা জীৱন ত্যাগ কৰিম।