সলনি নহয় কামাখ্যা-পাণ্ডু পথৰ নাম, ৰাইজৰ আপত্তিৰ পিছত নাম সলনিৰ সিদ্ধান্ত বাতিল পৌৰ নিগমৰ

সলনি নহয় মালিগাঁৱৰ কামাখ্যা-পাণ্ডু পথৰ নাম।

এই কথা জনালে গুৱাহাটী পৌৰ নিগমে। স্থানীয় নাগৰিকৰ আপত্তিৰ পৰিপ্ৰেক্ষিতত পাণ্ডু ঘাটৰ পৰা কামাখ্যালৈ যোৱা পথটোৰ নাম সলনি কৰা সিদ্ধান্ত বাতিল কৰে পৌৰ নিগমে।

উল্লেখ্য যে, কামাখ্যা-পাণ্ডু পথটোৰ নাম স্বামী মুকুতানন্দ সৰস্বতী পথ নামেৰে ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছিল গুৱাহাটী পৌৰ নিগমে।

এই নতুন নাম সন্দৰ্ভত কাৰোবাৰ ওজৰ আপত্তি থাকিলে ১৫ দিনৰ ভিতৰত অৱগত কৰিবলৈ সময়ো বান্ধি দিয়া হৈছিল।

কিন্তু নতুন নামৰ প্ৰস্তাৱ আগবঢ়োৱাৰ ৪৮ ঘণ্টাৰ ভিতৰতে অনেক জনে নাম গুৰুত্বপূৰ্ণ পথটোৰ নাম সলনি কৰাৰ ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰাত নাম সলনিৰ সিদ্ধান্ত বাতিল কৰিবলগা হয় পৌৰ নিগমে।

প্ৰণিধানযোগ্য যে, উত্তৰ প্ৰদেশৰ দৰে অসমতো ঠাইৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে।

স্থানীয় নিবাসীৰ পৰামৰ্শ অনুসৰি অসনীয়া সংস্কৃতি আৰু জাতি-জনগোষ্ঠী বিৰোধী গাঁও-অঞ্চলৰ নাম সলনি কৰা হব বুলি চৰকাৰে ঘোষণা কৰিছিল। ইয়াৰ বাবে শীঘ্ৰে এটা পৰ্টেল মুকলি কৰা হ’ব বুলিও অৱগত কৰিছিল মুখ্যমন্ত্ৰীয়ে।

কিন্তু যোগী আদিত্যনাথৰ নীতি অনুসৰণ কৰি অসম চৰকাৰেও ঠাইৰ নাম সলনি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Comment