সলনি হ’ব চেৰাবভাটী আৰু কালাপাহাৰৰ নাম, নতুন নাম হ’ব…

নিউজ ডেস্কঃ সলনি কৰা হ’ব গুৱাহাটীৰ কেইবাখনো ঠাইৰ নাম। এই কথা ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে।

স্থানীয় ৰাইজ আৰু সংগঠনৰ আহ্বানমৰ্মে গুৱাহাটীৰ কেইবাখনো ঠাইৰ নাম সলনি কৰিবলৈ যো-জা চলাইছে পৌৰ নিগমে। সেই অনুসৰি চেৰাবভাটীৰ নতুন নাম ৰখা হ’ব আৰ্যনগৰ।

আনহাতে কালাপাহাৰৰ নাম সলনি কৰি নতুনকৈ ৰখা হ’ব নীলাচল নগৰ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি আৰু সংস্কৃতিবিৰোধী ঠাইসমূহৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰিছিল।

মহানগৰীৰ যিসমূহ ঠাইৰ নাম সলনি কৰিব বিচাৰে, তাৰ স্থানীয় নিৱাসীসকলে পৌৰ নিগমৰ আবেদন জনালেই নাম সলনি কৰা হ’ব মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।

তাৰ পিছতে এতিয়া গুৱাহাটীৰ চেৰাবভাটী আৰু কালাপাহাৰৰ নাম সলনি কৰি ক্ৰমে আৰ্যনগৰ আৰু নীলাচল নগৰ ৰখাৰ সিদ্ধান্ত লৈছে পৌৰ নিগমে।

আনহাতে আন বহু ঠাই আৰু পথৰ নাম সলনি কৰাৰ বিষয়েও চিন্তাচৰ্চা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে মেয়ৰ মৃগেণ শৰনীয়াই।