সামাজিক মাধ্যমত ভাইৰেল এটা বিশেষ ৰে’লপথৰ নান্দনিক দৃশ্য, চাওক ভিডিঅ’

নিউজ ডেস্ক। দেশজুৰি মনচুনৰ বাৰিষা অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈছে এটা বিশেষ ৰে’লপথত দৃশ্য।

শাৰী শাৰী জলপ্ৰপাতৰ পানীৰ আচ্ছাদনৰ মাজেৰে পাৰ হৈছে যাত্ৰীবাহী ৰে’ল।

এক নান্দনিক দৃশ্য। এই দৃশ্য দুধসাগৰ জলপ্ৰপাতৰ। উল্লেখ্য যে কৰ্ণাটক আৰু গােৱাৰ সীমান্তত অৱস্থিত এই দুধসাগৰ জলপ্ৰপাত।

দৃশ্যটোত দেখা অনুসৰি, দক্ষিণ পশ্চিম ৰেলৱেৰ এখন ৰেল দুধসাগৰ জলপ্ৰপাতৰ কাষৰে পাৰ হৈছে।

বৰষুণ আৰু পানীৰ আচ্ছাদনৰ মাজেৰে সেই ঠাইডােখৰ অতিক্ৰম কৰিছে ৰে’লখনে।

সেই ঠাইত ৰে’লখন ৰৈ থকাৰ সময়ত ৰেকৰ্ড কৰা হৈছে একাধিক ভিডিঅ’।

এনে ভিডিঅ’ত ৰেলখনৰ ওপৰত ডাৱৰৰ বগা চাদৰ পৰা পানী পৰা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে দুধসাগৰ জলপ্ৰপাত গোৱাৰ মণ্ডৱী নদীৰ ওপৰত আছে। জলপ্ৰপাতটো কৰ্ণাটক আৰু গোৱাৰ সীমাত অৱস্থিত।

দুধসাগৰ জলপ্ৰপাত হৈছে ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতৰ ভিতৰত এটা। যাৰ উচ্চতা ৩১০ মিটাৰ (১০১৭ ফুট) আৰু গড় প্ৰস্থ ৩০ মিটাৰ (১০৯ ফুট)ৰ ভিতৰত।

এই জলপ্ৰপাত গোৱাৰ ৰাজধানী পানাজীৰ পৰা ৬০ কিমি দূৰত্বত অৱস্থিত আৰু ই বেলগৌম-ভাস্ক ডা গামা ৰে’ল পথৰ এটা অংশৰ পৰা সুদৃশ্যমান।

Leave a Comment