সীমান্তৱৰ্তী আনিনীৰ সৈতে সংযোগ বিচ্ছিন্ন দেশৰ, ভাঙি পৰিল একমাত্ৰ ব্ৰেইলী দলং

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ ড্ৰী নদীৰ ওপৰত থকা ওলমা দলংখন হঠাতে ভাঙি পৰে মংগলবাৰে।

এখন ডাম্পাৰ গাড়ী আহি থকা অৱস্থাতে ভাঙি পৰে দলংখন। যিখন দলং দেশৰ প্ৰতিৰক্ষাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত।

এই দলংখনেৰে ভাৰত-চীন সীমান্তৰ দেশৰ শেষৰখন নগৰ আনিনীলৈ যোৱা হয়।

ৰয়িং আৰু অনিনি সংযোগী ৩১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এই দলংখনক অতিকে গুৰুত্বপূৰ্ণ সংযোগ সেঁতু বুলি জনা যায়।

এই দলঙেৰে সীমান্তলৈ সেনা সঞ্চালন আৰু অস্ত্ৰ-শস্ত্ৰ পৰিবহন কৰা হয়। সীমান্তলৈ যোৱা অন্য পথ আছে যদিও এই পথেৰে সীমান্তত উপস্থিত হোৱাত সোনকাল হয় আৰু যথেষ্ট সুবিধা হয়।

এই সন্দৰ্ভত দিবাং উপত্যকা জিলাৰ উপায়ুক্ত মিংগা শেৰপাই কয়, “আনিনীৰ পৰা ১০ কিমি দূৰত্বত থকা আম্বলীৰ সমীপৰ ওলমা দলংখন মংগলবাৰৰ দুপৰীয়া ভাঙি পৰে। জিলা প্ৰশাসনে আনিনীলৈ যাবলৈ বৰ্তমান ডেৰঘণ্টা জোৰা পথ এটাবি হৈ এটা বিকল্প পথ পৰিবহনৰ বাবে নিৰ্ধাৰণ কৰিছে। আনিনীলৈ যাবলৈ NHIDCL এ নিৰ্মাণ কৰি থকা অন্যখন দলং অহা মে’ মাহত মুকলি কৰা হব।”

জানিব পৰা মতে, জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া বিকল্প পথটো ভূমিস্খলনৰ বাবে প্ৰায়ে বন্ধ হৈ পৰে। যিটো পথেৰে আনিনী পাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। ডাম্পাৰ গাড়ীখনৰ চালকজন এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।

লগতে চাওকঃ

হাতী পোৱালিক কান্ধত তুলি উদ্ধাৰ কৰা বনৰক্ষীক ‘বাহুবলি’ৰে তুলনা জ্যেষ্ঠ বন বিষয়াৰ!

Leave a Comment