সুঃখবৰ! ‘হাড়গিলা বাইদেউ’ ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান…

সুঃখবৰ! ‘হাড়গিলা বাইদেউ’ ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান…

November 22, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ অস্তিত্ব বিপদাপন্ন হৈ হৈ পৰা হাড়গিলাৰ সুৰক্ষাৰ বাবে অহৰহ চেষ্টা চলাই অহা অসমৰ পৰিৱেশ কৰ্মী তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান।

এইবাৰ ড০ পূৰ্ণিমা দেৱীক ৰাষ্ট্ৰসংঘই প্ৰদান কৰিলে সৰ্বোচ্ছ পৰিৱেশ সন্মান ‘চেম্পিয়ন অৱ দ্য আৰ্থ, ২০২২’।

উল্লেখ্য যে, হাড়গিলা সম্পৰ্কে মানুহৰ ধাৰণা সলনি কৰাত সফলতা লাভ কৰিছিল সংৰক্ষণবিদ আৰু জীৱ বিজ্ঞানী ড০ পূৰ্ণিমা দেৱী বৰ্মনে।

ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰা হাড়গিলাৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ বাবে ড০ পূৰ্ণিমা দেৱী বৰ্মনে প্ৰথমে আৰম্ভ কৰিছিল হাড়গিৱা সেনাবাহিনীৰ।

বাসস্থান হেৰুওৱা, চোৰাং চিকাৰ আৰু বিষক্ৰিয়া আদিৰ দৰে প্ৰত্যাহ্বানৰ পৰা হাড়গিলাক সুৰক্ষা প্ৰদানৰ অভিযানত বৰ্তমান মহিলা জীৱ বিজ্ঞানীগৰাকীৰ সৈতে জড়িত হৈ পৰিছে ১০ হাজাৰৰো অধিক মহিলা।

ড০ পূৰ্ণিমা দেৱী বৰ্মনৰ এই প্ৰচেষ্টাৰ বাবেই তেওঁ পৰৱৰ্তী সময়ত পৰিচিত হৈ পৰে হাড়গিলা বাইদেউ হিচাপে।

আনহাতে তেওঁৰ প্ৰচেষ্টাৰ বাবে ইতিমধ্যে তেওঁক ২০১৭ ত গ্ৰীণ অস্কাৰ বঁটা, ২০১৮ ত ভাৰত চৰকাৰৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা হয়।

তদুপৰি চলিত বৰ্ষৰ অক্টোবৰত তেওঁক আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা ‘হাউ মেনী এলিফেণ্টছ’ৰ দ্বাৰা প্ৰদান কৰা হয় ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড, ২০২২’।