সুখবৰ! ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২ ৰ বাবে নিৰ্বাচিত অসমৰ কৃতী শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামী

সুখবৰ! ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২২ ৰ বাবে নিৰ্বাচিত অসমৰ কৃতী শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামী

August 25, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসমবাসীৰ বাবে এক সুখবৰ।

২੦২২ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হ’ল অসমৰ কৃতী শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামী।

উল্লেখ্য যে মীনাক্ষী গােস্বামী শোণিতপুৰ জিলাৰ বিহাগুৰিত অৱস্থিত চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা।

উল্লেখ্য যে শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে প্ৰতি বছৰে প্ৰদান কৰা এই বঁটাৰ বাবে চলিত বছৰত মুঠ ৪৬ গৰাকী শিক্ষকক নিৰ্বাচিত কৰা হৈছে।

ইয়াৰ ভিতৰত অসমৰ পৰা নিৰ্বাচিত একমাত্ৰ শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামীক।

অহা ৫ ছেপ্টেৰত শিক্ষক দিৱস উপলক্ষে নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বঁটা প্ৰদান কৰিব।

এই বঁটাত প্ৰমাণপত্ৰৰ লগতে নগদ ৫০,০০০/- টকাৰ মাননি আৰু ৰূপৰ পদক প্ৰদান কৰা হয়।

দেশত শিক্ষাৰ মানদণ্ড উন্নয়নৰ ক্ষেত্ৰত অনন্য অৱদানৰ বাবে এই প্ৰতি বছৰে সন্মান এই বঁটা প্ৰদান কৰা হয়।