সুদূৰ ছুইডেনৰ পৰা আহি নলবাৰীৰ বোৱাৰী হ’ল এলিভিয়া, আয়তীৰ উৰুলিৰে মুখৰিত গোৱৰাদল

নিউজ ডেস্কঃ ফেচবুকৰ চিনাকি!

প্ৰথমে হাই, হেল্ল’ৰ পৰা এদিন কথাবোৰ দীঘলীয়া হৈছিল। লাহে লাহে বন্ধুত্ব, তাৰ পিছত ভালপোৱা।

ভাৰ্ছুৱেল পৃথিৱীতেই দুয়োজনে দুয়োজনক মন উজাৰি ভাল পাবলৈ আৰম্ভ কৰিছিল। জাতি, ধৰ্ম, ভাষা আৰু দেশৰ পৰিধি ভাঙি দুয়োজনৰ মাজত গঢ়ি উঠিছিল এটা নিবিড় সম্পৰ্ক।

তাৰেই পৰিণতিত অৱশেষত সাত সাগৰ তেৰ নদী পাৰ হৈ প্ৰেমিকৰ ওচৰ পালেহি প্ৰেয়সী।

কথা হ’ল- দুয়োজনে এতিয়া আৱদ্ধ হ’ব বিবাহ পাশত। অৰ্থাৎ এতিয়াৰে পৰা সমাজৰ সন্মুখত দুয়োজনেই ক’ব পাৰিব- মই তোমাৰ, তুমি মোৰ।

ভাৰ্ছুৱেল পৃথিৱীৰ পৰা বাস্তৱ জীৱনলৈ এনেদৰেই প্ৰেম যাত্ৰা কৰি বিবাহ পাশত আৱদ্ধ হ’ল নলবাৰীৰ গোৱৰাদলৰ দ্বীপেন মেধি আৰু ছুইডেনৰ এলিভিয়া।

সোমবাৰে আয়তীৰ উৰুলিয়ে স্বীকৃতি দিলে তেওঁলোকৰ বিবাহখনক।

নলবাৰী জিলাৰ গোৱৰাদল গাঁৱৰ চামতিয়াপাৰা চুবুৰীৰ দ্বীপেন মেধি কৰ্মসূত্ৰে থাকে দিল্লীত।

তাত থাকোতেই এদিন ফেচবুকত চিনাকি হৈছিল ছুইডেনৰ এলিভিয়াৰ সৈতে। তাৰ পিছতে সুদূৰ ছুইডেনৰ পৰা অসম পায়হি এলিভিয়া।

সোমবাৰে সম্পূৰ্ণ সামাজিক ৰীতি-নীতিৰে সম্পন্ন হয় দ্বীপেন আৰু এলিভিয়াৰ বিয়াখন।

গাত মাহ-হালধি সনাৰ পৰা, সেউতাত সেন্দুৰীয়া আলিবাট অঁকালৈকে সকলো ভাৰতীয় ৰীতি-নীতি পালন কৰি দ্বীপেন মেধীৰ সহধৰ্মিনী হৈ পৰে ছুইডেনৰ যুৱতীগৰাকী।

ইফালে এই বিশেষ বিয়াখন চাবলৈ গোৱৰাদলত ভিৰ কৰে অসংখ্য লোকে। বিয়া চাবলৈ আহি সুন্দৰী এলিভিয়া আৰু দ্বীপেন মেধিক যুগ্ম জীৱনৰ হিয়া উজাৰি আশীৰ্বাদ দিয়ে সকলোৱে।

লগতে চাওকঃ

চাকৰিৰ ইণ্টাৰভিউ দিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছিল এগৰাকী মহিলা, ডেৰ মাহ চিকিৎসাধীন হৈ থাকি সাৱটিলে মৃত্যুক

1 thought on “সুদূৰ ছুইডেনৰ পৰা আহি নলবাৰীৰ বোৱাৰী হ’ল এলিভিয়া, আয়তীৰ উৰুলিৰে মুখৰিত গোৱৰাদল”

Comments are closed.