সুধাকণ্ঠৰ গীতৰ দৰেই সম্পন্ন হ’ল এখন বিশেষ বিয়া, উখল-মাখল কােকৰাঝাৰ

নিউজ ডেস্ক। এখন বিশেষ বিবাহ অনুষ্ঠান। এই বিয়া অনুষ্ঠানত অংশ লৈছে ৰজাঘৰীয়াৰ পৰা প্ৰজাঘৰীয়াই।

উখল-মাখল হৈ পৰিছে সমগ্ৰ কােকৰাঝাৰ- বড়াে ভূমি।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিটিএডিৰ মুখ্য কাৰ্যবাহী প্ৰমােদ বড়াে, অসম চৰকাৰৰ একাধিক মন্ত্ৰী-বিধায়ক, আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বিয়াস্থলীত উপস্থিত হৈ ন দৰা-কইনাক যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছে অগণন লােকে।

কিন্তু কিয় বিশেষ এই আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠান?

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘…বনজুৱে হোম দিলে/ বিজুলীয়ে ৰভা দিলে/ জিলিয়ে যে বিয়ানাম গায়…!’ শীৰ্ষক গীতটিৰ দৰেই যেন যেন সম্পন্ন হ’ল এই বিশেষ বিয়া।

a1

বিয়াখনৰ কেন্দ্ৰবিন্দু এই বিবাহৰ পাত্ৰ প্ৰাক্তন এবছু নেতা তথা সুদীৰ্ঘ কালৰ সংগ্ৰামী মনেশ্বৰ দৈমাৰীৰ।

নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ নিস্বাৰ্থ কৰ্মীৰূপে বড়ো সমাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰা মনেশ্বৰে অৱশেষত ৪৪ বছৰ বয়সত দাম্পত্য জীৱনৰ পাতনি মেলিলে।

FJ2-Vp8-Va-AAEilhy2

ফেচবুকৰ জৰিয়তে পৰিচয় ঘটা এগৰাকী যুৱতীয়েই তেওঁৰ জীৱনত ‘চম্পা’ ফুলালে। আকস্মিকভাৱে মনেশ্বৰৰ জীৱনত চম্পাৰ সুবাস বিয়পোৱাৰ প্ৰথম প্ৰস্তাৱ আহিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা।

মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱত লগে লগে হয়ভৰ দিছিল উপস্থিত থকা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক লৰেন্স ইছলাৰী আদিয়ে।

মূৰত সৰগ পাতিছিল মনেশ্বৰৰ। কেনেকৈ বিয়া পাতিব? তেওঁৰ দেখোন একোৱেই নাই?

সৰলমনা স্বভাৱৰ মনেশ্বৰক ৰাইজে ইমানেই ভাল পায় যে ঘৰ নিৰ্মাণৰ বাবে মাটি, ইটা-শিল-বালি, শ্ৰমিকৰ মজুৰী আদি প্ৰদানৰ দায়িত্বও বিভিন্নজনে বহন কৰি কোকৰাঝাৰ চহৰৰ সংলগ্ন খাৰগাঁৱত এটা বাসগৃহ সাঁজি দিছিল।

তথাপি পৰিয়াল পোহপাল দিবলৈ উপাৰ্জনৰ প্ৰয়োজন। সেয়ে কোনো ব্যৱসায়ত হাত দিয়াৰ কথা তেওঁ ভাবি আছিল। তেনে সময়তে মুখ্যমন্ত্ৰীৰ পৰা প্ৰস্তাৱ আহিল বিবাহৰ।

বিয়াৰ দায়িত্ব নিজে গ্ৰহণ কৰাৰ লগতে বাকী সমস্যাবোৰো সময়ত সমাধানৰ আশ্বাস দিলে।

মুখ্যমন্ত্ৰীৰ আশ্বাসৰ লগে লগে বহু শুভকাংক্ষী, জনপ্ৰতিনিধিয়ে ভাগে ভাগে বিভিন্ন দায়িত্ব মূল পাতি লৈ এখন স্মৰণীয় বিবাহ আয়োজনৰ মনস্থ কৰিলে। যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ হ’ল মনেশ্বৰৰ বিয়াৰ প্ৰস্তুতি।

সমগ্ৰ অঞ্চলটোতে এতিয়া উথপথপ পৰিৱেশ। এই বিয়াখন সুচাৰুৰূপে সম্পন্ন কৰাৰ দায়িত্ব মূৰ পাতি লৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক ডঃ বিৰফুং নাৰ্জাৰী আৰু চেৰফাংগুৰিস্থিত জনতা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মিহিৰ কুমাৰ ব্ৰহ্মই।

ৰাইজৰ মৰমৰ মাজেৰে ‘গৌদান হুৱা’ (দৰা) হৈ মনেশ্বৰে নিজৰ সংসাৰলৈ আদৰি আনিলে বাগ্সা জিলাৰ তামুলপুৰৰ ‘গৌদান হিঞ্জাও’ (ন-কইনা) বড়ো সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী চম্পা বড়োক।

বিবাহৰ মাংগলিক অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে আনন্দ ব্যক্ত কৰে।

ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “আজি কোকৰাঝাৰ জিলাৰ খাৰগাঁৱত উপস্থিত হৈ সদৌ অসম বড়ো ছাত্ৰ সন্থাৰ প্রাক্তন নেতা শ্রীমনেশ্বৰ দৈমাৰীৰ সৈতে শ্রীমতী চম্পা বড়োৰ শুভ পৰিণয়ৰ মাংগলিক মুহূর্তত দুয়োকে শুভকামনা জ্ঞাপন কৰোঁ। তেখেতসকলৰ আগন্তুক যুগ্ম জীৱন সুখ-শান্তিৰে উপচি পৰক।

মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক যুগ্ম জীৱনৰ শুভকামনা জনাই বড়ো ভাষাতো পোষ্ট কৰে।

বাগ্সা জিলাৰ মনেশ্বৰৰ পুখুৰীপাৰ গাঁৱত ১৯৭৭ত জন্মগ্ৰহণ কৰা মনেশ্বৰে এবছুৰ স’তে জড়িত হোৱাৰ পিছৰে পৰাই ছাত্ৰ সংগঠনটোৰ একনিষ্ঠ কৰ্মী হৈ পৰিছিল।

পৰৱৰ্তী সময়ত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক, সাংস্কৃতিক সম্পাদক আদি পদ অলংকৃত কৰি যোৱা বছৰ তেওঁ এবছুৰ পৰা অব্যাহতি লৈছিল।

সুদীৰ্ঘ কালত এবছুৰ বহু শীৰ্ষ নেতাৰ সান্নিধ্য পোৱা মনেশ্বৰক এসময়ত অধুনালুপ্ত এনডিএফবিয়ে আন এক অধুনালুপ্ত সশস্ত্ৰ সংগঠনৰ বিএলটিৰ সদস্য বুলি দুবাৰ অপহৰণ কৰিছিল।

সেইদৰে একাধিকবাৰ গ্ৰেপ্তাৰ হৈ তেওঁ আৰক্ষীৰ নিৰ্যাতনো সহ্য কৰিছিল। তৎসত্ত্বেও এবছুৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই তেওঁ সংগ্ৰামী জীৱনৰ পৰা আঁতৰি যোৱা নাছিল।

লগতে চাওকঃ

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু

G10

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

Leave a Comment