সেনাত চাকৰিৰ নামত প্ৰৱঞ্চনা! ৰঙাঘৰত ভুৱা সেনা বিষয়া

নিউজ ডেস্ক। এইবাৰ চাকৰিৰ নামত যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰি ৰঙাঘৰৰ আলহী হ’ল এজন ভুৱা সেনা বিষয়া।

উত্তৰাখণ্ড আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে নিজকে সেনাৰ লেফটেনেণ্ট বুলি পৰিচয় দি অবৈধ কাৰ্যকলাপ কৰা এজনক গ্ৰেপ্তাৰ কৰে।

ভুৱা লেফটেনেণ্টজনক শচীন অৱস্থী বুলি চিনাক্ত কৰা হৈছে।

FBRK7ek-UUAED1h8

বিশেষ টাস্ক ফৰ্চৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় সিঙে কয় যে, তেওঁ সেনাৰ লেফটেনেণ্টৰ ইউনিফৰ্ম পিন্ধি আছিল। অনুসন্ধানত প্ৰকাশ পায় যে সেনাৰ লেফটেনেণ্ট হোৱা অভিযুক্তজনে সেনাত যোগদানৰ ভাও ধৰি বহু যুৱকক প্ৰতাৰণা কৰি আহিছিল।

খবৰ অনুসৰি, উত্তৰাখণ্ড বিশেষ টাস্ক ফৰ্চে অভিযুক্ত শচীন অৱস্থীৰ ঘৰত তালাচী চলায়। তালাচীত তেওঁৰ লেপটপত চাকৰিৰ সৈতে সম্পৰ্কিত বহুতো নকল নথিপত্ৰ পোৱা গৈছে। সেনাৰ ইউনিফৰ্ম, পৰিচয় পত্ৰ আৰু অন্যান্য সামগ্ৰীও উদ্ধাৰ কৰা হৈছে। বৰ্তমান অভিযুক্ত শচীন অৱস্থীক জেৰা কৰি আছে বিশেষ টাস্ক ফৰ্চে।

বিশেষ টাস্ক ফৰ্চে জনোৱা অনুসৰি, শচীনক ভুৱা তাৰকা ইউনিফৰ্ম পিন্ধা, ভুৱা পৰিচয় পত্ৰ বনোৱা আৰু ডেৰাডুন আৰু ওচৰৰ সংবেদনশীল এলেকাবোৰত ঘূৰি ফুৰা বুলি খবৰ পোৱাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল।

জেৰাত শচীনে স্বীকাৰ কৰে যে তেওঁ সকলোকে এজন সেনাৰ লেফটেনেণ্ট বুলি পৰিচয় দিছিল আৰু বহুত যুৱক-যুৱতীক সেনাত চাকৰি দিম বুলি প্ৰৱঞ্চনা কৰিছিল।

বহুতো যুৱক-যুৱতীক প্ৰতাৰণা কৰি ধন সংগ্ৰহ কৰিছিল।

উল্লেখ্য যে বিশেষ টাস্ক ফৰ্চৰ অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি তেওঁ বহুতো যুৱকক ভুৱা যোগদান পত্ৰ প্ৰদান কৰিছিল।

ইয়াৰ বিনিময়ত শচীন অৱস্থীয়ে যুৱক-যুৱতীসকলৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈছিল।

লগতে চাওকঃ সাপ্তাহিক ৰাশিফল

Leave a Comment