
সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈ আলফা (স্বা)ৰ ছাৰ্জেন্ট মেজৰ অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসমৰ মৃত্যু
August 25, 2022নিউজ ডেস্ক। ভাৰতীয় সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈ মৃত্যু সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ ছাৰ্জেন্ট মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত্য মৰাণৰ।
আলফা (স্বাধীন)ৰ ফালৰ পৰা প্ৰকাশিত এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে।

বিবৃতিটােত উল্লেখ কৰা অনুসৰি, যােৱা ৯ আগষ্টত পুৱতি নিশা প্রায় ৩:০০ বজাত এক সংঘৰ্ষত সেনাৰ গুলীত গুৰুতৰভাবে আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হৈ থকা কেডাৰগৰাকী ২৫ আগষ্টৰ পুৱা ৫ঃ২৫ বজাত মৃত্যু ঘটে।

জানিব পৰা মতে, মৃত অচিন্ত্য মৰাণৰ ঘৰ তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত হাঁহখাটি নেপালী গাঁৱত।
স্থানীয় নন্দেশ্বৰ মৰাণ আৰু সোণেশ্বৰী মৰাণৰ পুত্ৰ অচিন্ত্য মৰাণ।

কেডাৰজনৰ মৃত্যু সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)-এ সংগঠনে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
লগতে অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসমত ‘অমৃত মৃতক’ ঘােষণা কৰিছে।
[…] […]