সোপাধৰাৰ নামত উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰা ৩ জনক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

সোপাধৰাৰ নামত উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰা ৩ জনক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

September 24, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ সোপাধৰাক লৈ উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰা যোৰহাটৰ তিনি জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে লোক কেইজনক।

উল্লেখ্য যে, যোৰহাটৰ মিছন হাস্পতালৰ সমীপত বৃহস্পতিবাৰে নিশা এজন যুৱকক সোপাধৰাৰ সন্দেহ কৰি প্ৰহাৰ কৰিছিল কেইজনমান লোকে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিনন্দন গগৈ আৰু পুতু বাচফৰ নামৰ দুজনক গ্ৰেপ্তাৰ কৰে।

অন্যহাতে উত্তৰ প্ৰদেশৰ পৰা অহা এটা সাধু বাবাৰ দলকো সোপাধৰাৰ সন্দেহত অপদস্থ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জালালউদ্দিন নামৰ আন এজনক।

সোপাধৰাক লৈ উৰা বাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। ছচিয়েল মিডিয়াত এনে উৰাবাতৰি বিয়পোৱা তথা সোপাধৰাৰ অজুহাতত এনে ঘটনাৰে জড়িত লোকৰ সন্ধান পালেই আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে।