স্কুটীৰ সন্মুখত বহি আছিল শিশু, বন্ধ নাছিল ইঞ্জিন! যাৰ বাবেই ঘটিল এই ঘটনা, ভাইৰেল ভিডিঅ’…

স্কুটীৰ সন্মুখত বহি আছিল শিশু, বন্ধ নাছিল ইঞ্জিন! যাৰ বাবেই ঘটিল এই ঘটনা, ভাইৰেল ভিডিঅ’…

December 20, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ইঞ্জিন বন্ধ নকৰাকৈ স্কুটীৰ সন্মুখত শিশুক বহুওৱাৰ ভয়ংকৰ পৰিণতি!

যাৰ বাবে দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’ল পিতা-পুত্ৰ।

হঠাৎ চলিব ধৰা স্কুটীৰ পৰা বাগৰি গুৰুতৰভাৱে আহত শিশুটিৰ লগতে পিতৃও।

সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ সিন্ধদূৰ্গত।

ভাইৰেল ভিডিঅ’টোত দেখা পোৱা মতে, এটা ঘৰৰ সন্মুখত স্কুটীৰ ওপৰত বহি আছে এজন ব্যক্তি।

ব্যক্তিজনৰ সৈতে স্কুটীৰ সন্মুখত বহি আহিছে এটি কণমানি শিশুও।

তেতিয়াই এগৰাকী মহিলাই আহি ব্যক্তিজনৰ হাতত কিবা এক বস্তু দিয়ে।

ব্যক্তিজনে মহিলাগৰাকীৰ পৰা বস্তুটো ল’ব খোজতেই শিশুটিয়ে স্কুটীৰ এক্সলেটৰ পকাই দিয়াত স্কুটীখন চলিবলৈ লয় আৰু বাগৰি পৰে।

ইফালে ব্যক্তিজন আৰু শিশুটিক স্কুটীসহ বাগৰি পৰা দেখি তাতাতৈয়াকৈ আন লোক উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰে।

শিশুক সন্মুখত বহুৱাই স্কুটীৰ ইঞ্জিন বন্ধ নকৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।