স্ত্ৰীৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি স্বামীৰ মৃত্যু, একে চিতাতে জ্বলিল দম্পতীৰ মৃতদেহ

নিউজ ডেস্ক। পত্নীৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নােৱাৰি প্ৰাণত্যাগ স্বামীৰ।

এই শােকাৱহ ঘটনা বঙাইগাঁও জিলাৰ বিদ্যাপুৰ উপ- আৰক্ষী চকীৰ অন্তৰ্গত বিলাসপুৰৰ বগুলামাৰী গাঁৱৰ।

জানিব পৰা মতে, পত্নীৰ আকস্মিক মৃত্যুৰ যন্ত্ৰণা সহ্য কৰি নোৱাৰি পত্নীৰ শেষকৃত্যৰ প্ৰস্তুতি চলি থাকােতে মহিলাগৰাকীৰ স্বামীয়েও প্ৰাণত্যাগ কৰে।

সােমবাৰে নিশা আঠ বজাত দুই নম্বৰ বগুলামাৰী গাঁৱৰ বাসিন্দা ৰাসমোহন ৰায় চৌধুৰীৰ সহধর্মিণী গীতা ৰাণী চৌধুৰী (৬২)ৰ নিজেই নিশাৰ আহাৰ বনােৱাৰ পিছতে হঠাতেই অসুস্থ হৈ পৰে।

পুত্র লগে লগে চিকিৎসালয়ত লৈ যোৱাৰ প্ৰস্তুতি চলাওঁতেই দুর্ভাগ্যজনকভাৱে গীতা ৰাণীয়ে নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে।

পত্নীৰ আকস্মিক মৃত্যুত শোকাহত হৈ পৰে পূৰ্বৰে পৰা শাৰীৰিকভাৱে অসুস্থ হৈ থকা স্বামী ৰাসমোহন ৰায় চৌধুৰী (৭০)।

পুৱা দুই পুত্ৰই নিকট আত্মীয় আৰু প্ৰতিবেশীৰ সহযোগত মাতৃৰ মৃতদেহ সৎকাৰৰ উদ্দেশ্য চম্পাৱতী নৈৰ ঘাটৰ শ্মশানলৈ যাত্ৰা আৰম্ভ কৰে যদিও আদবাটত পিতৃৰ স্বাস্থ্য অধিক অৱনমিত হােৱাৰ খবৰ লাভ কৰে।

লগে লগে মাতৃৰ মৃতদেহ শ্মশানতে এৰি থৈ আত্মীয়-স্বজনক লগত লৈ দুই পুত্ৰ ঘৰত উপস্থিত হোৱাৰ আগতেই পিতৃয়েও শেষ নিশ্বাস ত্যাগ কৰে।

এই অবিশ্বাস্য খবৰ লাভ কৰি গীতা ৰাণীৰ মৃতদেহ লৈ শ্মশানত অপেক্ষা কৰি থকা আত্মীয় স্বজন আৰু ৰাইজে উপায়স্তৰ হৈ চম্পাৱতী নৈৰ শ্মশান ঘাটৰ পৰা পুনৰ উভতি আহি এইবেলি ৰায় চৌধুৰীৰ মৃতদেহ শ্মশানলৈ লৈ যায়।

শ্মশান ঘাটত একেলগে পিতৃ-মাতৃৰ মৃতদেহ ৰখাৰ পাছত দুই পুত্র, তিনি কন্যা আৰু নিকট আত্মীয়সহ গাঁওঁবাসীৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰ মাজত স্বামী-স্ত্ৰীৰ মৃতদেহ একেখন চিতাতে তুলি দি মুখাগ্নি কৰে পুত্ৰসহ আত্মীয়স্বজনে।

এক হৃদয়বিদাৰক দৃশ্যই শ্মশানত উপস্থিত থকা লোকসকলক শোকাহত কৰি তোলে।

মাত্র কেইঘন্টা মানৰ ব্যৱধানত এই স্বামী-স্ত্রী হালৰ অস্বাভাৱিক মৃত্যুৰ বাতৰিয়ে স্থানীয় ৰাইজৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।