
স্থানীয় লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰি নিলম্বন DC অনুপম চৌধুৰী আৰু ADC ৰক্তিম বৰুৱা…
September 29, 2022নিউজ ডেস্কঃ স্থানীয় লোকক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বন হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা।
অভিযোগ অনুসৰি, লংকাৰ ৭নং ৱাৰ্ডৰ শিলবস্তিত তালাচীৰ নামত এজন যুৱক আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তিক লাঠিৰে প্ৰহাৰ কৰিছিল অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাই।
লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথৰে ওলোটা দিশেৰে আহি থকা অৱস্থাত আহি থকা দেখি খেদি খেদি প্ৰহাৰ কৰাৰ অভিযোগ স্কুটী আৰোহী দুজনক।
এডিচিৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোক দুজনক পি্ছত লংকা আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ।
ইফালে এই ঘটনাৰ এটা চিচিটিভি ফুটেজো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে নিলম্বন কৰা হয় ডিচি অনুপম চৌধুৰী আৰু এডিচি ৰক্তিম বৰুৱাক।