
স্বামীসহ দুৰ্ঘটনাত পতিত বৰষাৰাণী বিষয়া! কেনে আছে অভিনেত্ৰীগৰাকী…
December 18, 2022নিউজ ডেস্কঃ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে নিশা দুৰ্ঘটনাত পতিত অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা।
চৰাইদেউ জিলাৰ টেঙাপুখুৰীত সংঘটিত হয় এই দুৰ্ঘটনা।
সাপেখাতীৰ এক অনুষ্ঠানত অংশ লৈ নিশা প্ৰায় ১০ বজাত যোৰহাটৰ ঘৰলৈ স্বামীসহ উভতিছিল অভিনেত্ৰীগৰাকীয়ে।
কিন্তু টেঙাপুখুৰীত এখন অল্ট’ বাহনৰ সৈতে সংঘৰ্ষ ঘটে তেওঁলোকৰ বাহনখনৰ।
এই দুৰ্ঘটনাত বৰষা আৰু তেওঁৰ স্বামী আঘাতপ্ৰাপ্ত নহ’লেও আনখন বাহনত থকা ৫ জন যাত্ৰী আহত হয়।
বৰ্তমান লিগিৰিপুখুৰী হাস্পতালত চিকিৎসাধীন হৈ আছে আহত কেইজন।