
সৰস্বতী পূজাত নাথাকে কােনাে বিশেষ SOP, ঘােষণা স্বাস্থ্যমন্ত্ৰীৰ
January 31, 2022নিউজ ডেস্ক। সৰস্বতী পূজাৰ বাবে প্রকাশ নহয় বিশেষ এছ অ’ পি।
ক’ভিডক লৈ পূর্বে ঘোষিত এছ অ’ পি অনুসৰিয়েই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহে পালন কৰিব লাগিব বিদ্যাৰ অধিষ্ঠাত্রী দেবী সৰস্বতী পুজা।

এই ঘোষণা স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, যিহেতু শিক্ষানুষ্ঠানত সৰস্বতী পূজা অনুষ্ঠিত হয়, সেয়ে বিদ্যালয়সমূহক লৈ পূর্বে ঘোষণা কৰা এছ অ’ পিৰ প্ৰট’কল মানিয়েই অনুষ্ঠিত হ’ব সৰস্বতী পূজা।
সৰস্বতী পূজাই হওক, নাইবা অন্য অনুষ্ঠানেই হওক, ক’ভিডক লৈ চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম পূৰ্বৰ এছ অ’ পি অনুসৰিয়েই শিক্ষানুষ্ঠানসমূহে পালন কৰিব সৰস্বতী পূজা।

বিশেষকৈ মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব ৰক্ষা কৰা, ছেনিটাইজাৰ ব্যৱহাৰৰ নিয়ম এছ অ’ পি মতে সৰস্বতী পূজা পালন কৰিব লাগিব শিক্ষানুষ্ঠানসমূহে।
ক’ভিড প্ৰট’কল মানি সৰস্বতী পূজা পালনত কোনো বাধা নাই বুলিও তেওঁ উল্লেখ কৰে।