হঠাতে অসুস্থ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, আই চি ইউত চিকিৎসাধীন

হঠাতে অসুস্থ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, আই চি ইউত চিকিৎসাধীন

August 14, 2022 Off By NEWS DESK

নিউজ ডেস্ক। হঠাতে অসুস্থ হৈ পৰিল বীৰ লাচিত সেনাৰ শীৰ্ষ নেতা শৃংখল চলিহা।

সংগঠনটােৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীক অসুস্থতাৰ বাবে ভৰ্তি কৰােৱা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত৷

জানিব পৰা মতে, উচ্চ ৰক্তচাপজনিত কাৰণতে পুৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় চলিহাক।

ইয়াৰ পিছতে চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত চলিহাক আই চি ইউত ভৰ্তি কৰে।

ইতিমধ্য শৃংখল চলিহাৰ অসুস্থতাৰ সংবাদ বিয়পি পৰাৰ পিছতেই সংগঠনটোৰ নেতা-কৰ্মীৰ সকলে চিকিৎসালয়ত ভিৰ কৰিছে।

শৃংখল চলিহা সম্প্ৰতি বিপদমুক্ত যদিও নেতাগৰাকীক কিছু জিৰণীৰ ল’বলৈ চিকিৎসকে পৰামৰ্শ দিছে।

লগতে চাওকঃ

ভাৰতৰ শ্বেয়াৰ বজাৰৰ ‘সম্ৰাট’ ৰাকেশ ঝুনঝুনৱালাৰ আকস্মিক দেহাৱসান