নিউজ ডেস্ক। হাৰলীন দেউল। বৰ্তমান এক চৰ্চিত নাম হৈ পৰিছে সামাজিক মাধ্যমত। হাৰলীন দেউল হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য।
অৱশ্যে এটা কেছৰ বাবে অতি চৰ্চিত হৈ পৰিছে হাৰলীন।

নৰ্থাম্পটনত অনুষ্ঠিত প্ৰথম টি-২০ ৰ সময়ত ইংলেণ্ডৰ বেটচমেন এমি জোনছক আউট কৰিবলৈ মহিলা ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ উত্তেজনাপূৰ্ণ আৰু আশ্চৰ্যকৰ কেছ এটা লৈছিল তেওঁ।
যেতিয়া জোনছে ১৯ নম্বৰৰ অভাৰত শিখা পাণ্ডেৰ বলিংত ৪৩ ৰাণ সংগ্ৰহেৰে বেটিং কৰি আছিল। তেতিয়া তেওঁ ইন-ফিল্ড ক্লীন কৰাৰ আশাত পিছুৱাই গৈছিল। সেই সময়ত জোনছে এটা বাউণ্ডেৰী খেলিবলৈ চেষ্টা কৰিছিল।
তেওঁ ভালদৰে সময় লৈ শ্বটটো খেলিছিল। এনে লাগিছিল যেন বলটো বাউণ্ডেৰীৰ ৰছীৰ সিপাৰে পৰিব। বাউণ্ডেৰী নিশ্চিত আছিল। কিন্তু জোনছৰ সেই আশা পূৰণ নহল। কাৰণ সেই সময়ত লং-অফত আছিল হাৰলীন দেউল।
Epic Catch by @imharleenDeol
— Rejimon Kuttappan (@rejitweets) July 10, 2021
Take A Bow
The Best Boundary Catch Ever By Any Cricketer#HarleenDeol pic.twitter.com/b8nqU6WI3g
বলটো ওচৰ পোৱাৰ লগে লগেই হাৰলীনে বলটো ধৰিবলৈ জঁপিয়াইছিল। বলটো ধৰিবলৈ তেওঁ নিখুঁতভাৱে সময় দিছিল আৰু সুৰক্ষিতভাৱে ধৰিছিল।
অৱশ্যে হাৰলীনে ভাৰসাম্য হেৰুৱাইছিল। যাৰফলত তেওঁ বাউণ্ডেৰীৰ সিপাৰে ভৰি দিছিল। কিন্তু ভৰি দিয়াৰ পূৰ্বে মাটি স্পৰ্শ নকৰাকৈ তেওঁ বলটো দলিয়াই দিছিল ওপৰলৈ আৰু পুনৰ আহি ধৰি লৈছিল বল।
That was a brilliant catch @imharleenDeol. Definitely the catch of the year for me!pic.twitter.com/pDUcVeOVN8
— Sachin Tendulkar (@sachin_rt) July 10, 2021
সেই সময়ত যেন মূহুৰ্তৰ বাবে সকলোৰে বন্ধ হৈ পৰিছিল শ্বাস-নিশ্বাস। সেই দৃশ্য দেখি ইংলেণ্ডৰ এগৰাকী খেলুৱৈয়ে হাৰলীনৰ প্ৰদৰ্শনক হাততালি দিয়াৰ পৰা নিজকে বাধা দিব নোৱাৰিলে। যিটো দৃশ্য বন্দী হৈছিল কেমেৰাত। তেনে এক উত্তেজনাময় উইকেট ধৰিবলৈ পায় আনন্দতে বতাহলৈ বল দলিয়াই দিছিল হাৰলীনে।
দলৰ সকলো সদস্যই সাৱটি ধৰিছিল হাৰলীনক। হাৰলীনৰ সেই প্ৰদৰ্শন দেখি অন-এয়াৰ ভাষ্যকাৰসকল সমানে মন্ত্ৰমুগ্ধ হৈছিল। আৰু সেই মূহুৰ্তত কি ঘটিছিল তাক লৈ তেওঁলোকে আচৰিত হৈ পৰিছিল।

অৱশ্যে ভাৰতীয় দলটো ডিএলছ পদ্ধতিৰে ইংলেণ্ডৰ হাতত ১৮ ৰাণত পৰাজিত হয়। প্ৰথমে বেটিং কৰি ইংলেণ্ডে ১৭৭/৭ ৰাণ সংগ্ৰহ কৰে আৰু নাটালি চাইভাৰৰ অৰ্ধশতকে দলটোৰ মুঠ ৰাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পাণ্ডে ভাৰতীয় বলাৰসকলৰ ভিতৰত উন্নত প্ৰদৰ্শন কৰিছিল। তেওঁ চাৰি অভাৰত ৩/২২ প্ৰদৰ্শন কৰিছিল।
ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে শফলী বাৰ্মাক দ্বিতীয় বলটোত শূন্য ৰাণত হেৰুৱায়। কিন্তু স্মৃতি মান্ধানা আৰু দেউলে বেটিং কৰি স্ক’ৰটো ৪৪ লৈ লৈ যায়। দেউল ১৭ ৰাণেৰে নট আউট হৈছিল আৰু বৰষুণ অহাৰ আগলৈকে ভাৰত ৮.৪ অভাৰত ৫৪/৩ লৈ আগবাঢ়ি গৈছিল। কিন্তু বৰষুণ অহাৰ পিছত মেচখন পুনৰ আৰম্ভ কৰিব পৰা নগল।