হঠাৎ হেৰাই থাকিল হাঁহিমুখীয়া ছোৱালীজনী! বিয়াৰ মাত্ৰ তিনিমাহ পিছতে ৰহস্যজনকভাৱে উদ্ধাৰ ইউটিউবাৰ প্ৰিয়লিনাৰ মৃতদেহ…

হঠাৎ হেৰাই থাকিল হাঁহিমুখীয়া ছোৱালীজনী! বিয়াৰ মাত্ৰ তিনিমাহ পিছতে ৰহস্যজনকভাৱে উদ্ধাৰ ইউটিউবাৰ প্ৰিয়লিনাৰ মৃতদেহ…

February 13, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ হঠাৎ হেৰাই থাকিল হাঁহিমুখীয়া ছোৱালীজনী।

কম সময়ৰ ভিতৰতে ইউটিউবাৰ হিচাপে জনপ্ৰিয় হৈ পৰা প্ৰিয়লিনা নাথৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

বিয়াৰ মাত্ৰ তিনিমাহ পিছতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰিয়লিনাৰ মৃতদেহ।

শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট হৈ থকা ইউটিউবাৰগৰাকীক পৰিকল্পতিভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।

উল্লেখ্য যে, প্ৰিয়লিনাই ইউটিউবত চাংকি ব্লগাৰ নামেৰে এটা চেনেল চলাইছিল।

হাঁহি ভালপোৱা ছোৱালীজনী মাত্ৰ তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল জামুগুৰিহাটৰ পংকজ নাথ নামৰ যুৱকজনৰ সৈতে।

বামুণীমৈদামৰ অনুৰাধা চিনেমা হলৰ সন্মুখত এখন ফাৰ্মাচী আছে পংকজ নাথৰ।

বিয়াৰ পিছত বামুণীমৈদামত থকা প্ৰিয়লিনাৰ ঘৰত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ।

আনহাতে পৰিয়ালক অৱগত নকৰাকৈয়ে প্ৰিয়লিনাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰো অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰিয়লিনাৰ স্বামী পংকজ নাথক।