হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ কোনে পালে কি স্থান, জানক সৱিশেষ…

নিউজ ডেস্কঃ আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যত এইবাৰ মুঠ ২ লাখ ২৯ হাজাৰ ১৩১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

উল্লেখ্য যে, ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত ৬৪১০১ গৰাকীয়ে তৃতীয় বিভাগত, ৯৯৮৫৪ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৬৫১৭৬ গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.৪৯ শতাংশ।

দশম শ্ৰেণীৰ পৰীক্ষাত ৫৯৭ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে উত্তৰ লখিমপুৰৰ ছেইণ্ট মেৰী হাইস্কুলৰ পৰা ৰক্তোৎপাল শইকীয়াই।

দ্বিতীয় স্থান লাভ কৰিছে নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ পৰা ভূয়াশী মেধিয়ে। তাৰ পিছতে তৃতীয় স্থান দখল কৰিছে কাৰ্বি আংলঙৰ খেৰণীৰ ডন বস্কো হাইস্কুলৰ ছাত্ৰ মৃদুপবন কলিতা, ডিব্ৰুগড়ৰ ডন বস্কো এইচ এছ স্কুলৰ পৰা লাবীব মুজিব, বিহপুৰীয়া (লখিমপুৰ)ৰ লোহিত দিক্ৰং এইচ এছ স্কুলৰ পাৰ্থ প্ৰতিম দাসে।

জিলাসমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক ৮১.৭১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ডিমা হাছাওত উত্তীৰ্ণৰ হাৰ হৈছে ৮১.৩১ শতাংশ।

অন্যহাতে কেৱল ৩৪.২৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে এইবাৰ চিৰাঙ জিলা আটাইতকৈ নিম্ন প্ৰদৰ্শনকাৰী জিলা হিচাপে পৰিগণিত হয়। তাৰি পিছতে হোজাই জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৩৭.২৯ শতাংশ।

২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ ১০টা স্থান লাভ কৰা শিক্ষাৰ্থী সকল হৈছে-

প্ৰথম স্থান- ৰক্তোৎপল শইকীয়া, ছেইণ্ট মেৰী’ছ হাইস্কুল, উত্তৰ লখিমপুৰ।

দ্বিতীয় স্থান- ভূয়াশী মেধি, লিটল ফ্লাৱাৰছ স্কুল, নলবাৰী।

তৃতীয় স্থান- মৃদুপৱন কলিতা, ডন বস্কো হাইস্কুল, খেৰনী, লাবীব মুজিব, ডন বস্কো এইচ এছ স্কুল, বয়ৰাগীমথ আৰু পাৰ্থ প্ৰতিম দাস, লোহিত দিক্ৰং এইচ এছ স্কুল, বিহপুৰীয়া।

চতুৰ্থ স্থান- স্বপ্নৰাজ কলিতা, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, পাঠশালা, স্নেহা শইকীয়া, দয়ানন্দ বিদ্যা নিকেতন, গোলাঘাট, সমদৃতা শৰ্মা, ডন বস্কো হাইস্কুল, যোৰহাট, আন্নেশা বৰা, ডন বস্কো হাইস্কুল, ডুমডুমা।

পঞ্চম স্থান- জুবাইৰ হুছেইন, পালহাজী এইচ এছ স্কুল, বৰপেটা, প্ৰাণজিৎ বৰদলৈ, নগাঁও আঞ্চলিক হাইস্কুল, দৰং, শনাজ অঞ্জুম ইয়াছমিন, বেনগাৰ্ডেন হাইস্কুল, যোৰহাট, ইকুইট এবট দত্ত, ছেইণ্ট মেৰী’ছ হাইস্কুল, উত্তৰ লখিমপুৰ।

ষষ্ঠ স্থান- বিতোপন মেধি, ছেইণ্ট চেবাষ্টিয়ান’ছ স্কুল, মাটিয়া, মূৰ্চনা বৰ্মন, লিটল ফ্লাৱাৰছ স্কুল, নলবাৰী।

সপ্তম স্থান- জ্যোতিপল তালুকদাৰ, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, পাঠশালা, শৰ্মিষ্ঠা ভগৱতী, জৱাহৰজ্যোতি হাইস্কুল, পিঠাগুৰি, লখিমপুৰ, প্ৰিয়নুজ বৰদলৈ, নিউ লুক একাডেমী, ফুকন নগৰ, শিৱসাগৰ, দীপশিখা বৰুৱা, ডিমৌ ছোৱালী হাইস্কুল, ডেমৌ, অশ্লেষা শৰ্মা, ছেইণ্ট মেৰী’ছ এইচ এছ স্কুল গুৱাহাটী, নিশা শৰ্মা, টি চি চৰকাৰী ছোৱালী হাইস্কুল, গুৱাহাটী।

অষ্টম স্থান- হৰ্ষিত বৰ্মন, পাঠশালা শিক্ষপীঠ আদৰ্শ হাইস্কুল, পাঠশালা, উদিতি দাস, খ্ৰীষ্ট জ্যোতি স্কুল, ধিং, দিব্যজ্যোতি লহকৰ, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী, ধৃতিস্মিতা ডেকা, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী, হিমাংশু দাস, শ্ৰী সুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ, ৰক্তোৎপল বৰা, শ্ৰী সুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ।

নৱম স্থান- বিদিশা নাথ, শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহী, সৃষ্টি নন্দ কাশ্যপ, খ্ৰীষ্ট জ্যোতি বিদ্যালয়, ধিং, অৰিণ ভূঞা, পবিত্ৰ নাম বিদ্যালয়, শিৱসাগৰ, জ্যোতিৰ্ময় দত্ত, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, নিতাইপুখুৰী, অনুসূয়া ঠাকুৰীয়া, জি ইউ মডেল হাইস্কুল, গুৱাহাটী।

দশম স্থান- কল্লোল বিশ্বাস, ছেক্ৰেড হাৰ্ট স্কুল, তেজপুৰ, সৌৰভ বৰ্মন, অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী, মায়ংক আগৰৱালা, নিকোলছ হাইস্কুল, সত্ৰবাৰী, গুৱাহাটী, জুৰিষ্মা চক্ৰৱৰ্তী, ছেইণ্ট ষ্টিফেনছ স্কুল, গুৱাহাটী, অনুৰাগ বৰা, শংকৰদেৱ শিশু নিকেতন, বনগাঁও, মাজুলী, এম ডি হাম্মাদুৰ ৰহমান, ছেইণ্ট বনিফেচ হাইস্কুল, নগাঁও।