হাতত নকল পিষ্টল লৈ প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ বিপদত পৰিল ২ ইউটিউবাৰ!

নিউজ ডেস্কঃ হিন্দী প্ৰেংক ভিডিঅ’ৰ ষ্টাইলত অসমতো প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ বিপদত পৰিল দুই ইউটিউবাৰ।

সামাজিক মাধ্যমত ভিউৱাৰ্ছৰ অন্যতম পচন্দ প্ৰেংক ভিডিঅ’। ৰাজহুৱা স্থানত অদ্ভুত আচৰণ কৰি, সাধাৰণ পথচাৰী বা আনক ভীতিগ্ৰস্ত কৰাৰ প্ৰেংক ভিডিঅ’ বনাই আহিছে বহুতেই।

হিন্দী বা অইন ভাষাত ইউটিউবাৰে নিৰ্মাণ কৰা প্ৰেংক ভিডিঅ’ৰ ষ্টাইলত আজিকালি অসমতো অনেকে প্ৰেংক ভিডিঅ’ বনাবলৈ আৰম্ভ কৰিছে।

কিন্তু বহু সময়ত এই প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ বিপদৰো সন্মুখীন হ’বলগীয়া হয় ইউটিউবাৰ। তেনে এক বিপদতে পৰিল অসমৰ দুজন ইউটিউবাৰো।

ৰাজপথত নকল বন্দুক হাতত লৈ পথচাৰীক ধনদাবী কৰাৰ প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ ৰাইজৰ হাতত লপাথপা খাবলগীয়া হ’ল দুজন ইউটিউবাৰে। এই ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত।

দৰাচলতে নিজৰ ইউটিউব চেনেলত আপলোড কৰিবলৈ দুই যুৱকে নিৰ্মাণ কৰিব বিচাৰিছিল প্ৰেংক ভিডিঅ’। সেই অনুসৰি, ঢকুৱাখনাৰ ৰাজপথত দুই ইউটিউবাৰে হাতত নকল বন্দুক লৈ পথচাৰীক ধনদাবী কৰাৰ অভিনয় কৰিছিল।

ইউটিউবাৰ দুজনে এগৰাকী আদহীয়া ব্যক্তিৰ গাড়ী ৰখাই তেনেদৰে ধন দাবী কৰোতেই ব্যক্তিজনে ভয় খাই সেই স্থানৰ পৰা পলায়ন কৰি স্থানীয় ৰাইজৰ সহায় বিচাৰে।

তাৰ পিছতে ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ দুয়োজন ইউটিউবাৰক কৰায়ত্ব কৰি উত্তম মাধ্যম শোধাই আৰক্ষীৰ হাতত চমজাই দিয়ে।

ইফালে, ৰাইজৰ হাতত কৰায়ত্ব হোৱাৰ পিছত ইউটিউবাৰ দুজনে নিজৰ ভুল স্বীকাৰ কৰি কয় যে বেলেগ চেনেলত দেখিহে তেওঁলোকে এনে প্ৰেংক ভিডিঅ’ বনাইছিল।

আনহাতে আৰক্ষীয়ে দুয়োজন কিশোৰ ইউটিউবাৰক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা নকল বন্দুকসহ এখন বাইক জব্দ কৰে।

ইউটিউবৰ বাবে প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ এনেদৰে ৰাইজৰ হাতত দুই কিশোৰে লপাথপা খাবলগীয়া হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

বিয়াৰ ৭ মাহ পিছতে সীমান্তত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ সেনা জােৱান হৃষিকেশ, পৰিয়ালত হাহাকাৰ…

1 thought on “হাতত নকল পিষ্টল লৈ প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ বিপদত পৰিল ২ ইউটিউবাৰ!”

Comments are closed.