হাতত ‘Made in China’ পিষ্টল, দামী গাড়ী লৈ ছাগলী চুৰি কৰিবলৈ আহি এই অৱস্থা হ’ল চােৰৰ…

হাতত ‘Made in China’ পিষ্টল, দামী গাড়ী লৈ ছাগলী চুৰি কৰিবলৈ আহি এই অৱস্থা হ’ল চােৰৰ…

June 9, 2021 0 By NEWS DESK

নিউজ ডেস্ক। হাতত Made in China মাৰ্কা এটা পিষ্টল। দামী ছুইফ্ট ডিজায়াৰ বাহন লৈ আহিল চােৰৰ এটা ৩ জনীয়া দল।

লক্ষ্য ছাগলী চুৰি। পিচে দিন বেয়া আছিল চােৰ কেইটাৰ! ৩ টাকৈ ছাগলী চুৰি কৰি গাড়ীত উঠালে যদিও সাৰি যাব নােৱাৰিলে ৰাইজৰ চকুৰ পৰা।

তাৰ পাছত পিষ্টল, ছাগলী আৰু গাড়ী এৰি পলায় পত্ৰং দিলে চােৰ কেইটাই।

ৰাইজে ক্ষতিসাধন কৰিলে চােৰৰ বাহনখনৰ।

ঘটনাৰ স্থান কামৰূপ-নলবাৰী সীমান্তৰ বাহাৰঘাট।

জানিব পৰা মতে, স্থানীয় লােকে বাহাৰঘাটত সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰিছিল AS-09G-1057 নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহন।

সন্দেহজনক বাহনখনৰ কাষ চাপিলে একাংশ লােক আৰু গাড়ীখনত প্ৰত্যক্ষ কৰিলে তিনিটাকৈ ছাগলী।

লগে লগে লাগিল হুৱাদুৱা। ৰাইজৰ তৎপৰতাত তিনিটা ছাগলী উদ্ধাৰ হয় যদিও ৰাইজৰ উপস্থিতি দেখি ঘটনাস্থলীৰ পৰা বিলাসী বাহন আৰু পিষ্টল এৰি পলায়ন কৰে চোৰৰ দলে।

ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ঘগ্ৰাপাৰ আৰক্ষী।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

লগতে চাওকঃ

ৰাখে হৰি… নৈৰ সােঁতত উটি যোৱা বয়ােজ্যেষ্ঠ মহিলাক ২০ কিলোমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ