হাতী পোৱালিক কান্ধত তুলি উদ্ধাৰ কৰা বনৰক্ষীক ‘বাহুবলি’ৰে তুলনা জ্যেষ্ঠ বন বিষয়াৰ!

নিউজ ডেস্ক। যি সময়ত বিশ্বজুৰি বন্য জীৱ-জন্তুৰ অস্তিত্বৰ প্ৰতি বিভিন্ন কাৰণত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে, তেনে সময়ত এমুঠিমান প্ৰকৃতিপ্ৰেমী তথা বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে বহু কষ্ট স্বীকাৰ কৰি বন্যপ্ৰাণীৰ সংৰক্ষণৰ মহৎ কাৰ্যত ব্ৰতী হৈছে।

এনে প্ৰত্যাহ্বানমূলক কাম কৰিবলৈ গৈ ইতিমধ্যে শ্বহীদ হৈছে বহু বন বিষয়া-কৰ্মী। তাৰ মাজতে অবিশ্বাস্য ধৰণেও কিছুমানে বন্যপ্ৰাণী প্ৰাণ ৰক্ষা কৰিছে।

তেনে বহু ঘটনা ইতিমধ্যে বিশ্বজুৰি চৰ্চা লাভ কৰিছে। এগৰাকী বনৰক্ষীয়ে হাতীৰ পােৱালিক উদ্ধাৰ কৰিবলৈ কান্ধত তুলি নিৰাপদ স্থানলৈ দৌৰি যােৱা দৃশ্যও ভাইৰেল হৈছে সামাজিক মাধ্যমত। তেনে ঘটনা সংঘটিত হৈছে অসমতাে।

শেহতীয়াকৈ ভাৰতীয় বন সেৱা (IFS)ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই টুইটাৰত শ্বেয়া কৰিছে তেনে এক ভিডিঅ’।

ঘটনাটো কেইবছৰমান আগৰ। প্ৰায় ২০১৭ চনৰ ডিচেম্বৰৰ কথা। তামিলনাডুৰ মেট্টোপালয়ম বনাঞ্চলৰ এটা হাতী পোৱালি আৱদ্ধ হৈ পৰিছিল এটা নলাত।

হাতী পোৱালিটো উদ্ধাৰৰ বাবে গৈছিল বন বিভাগৰ এটা দল। সেই অনুসৰি দলটোৱে উদ্ধাৰ কৰে নলাত আৱদ্ধ হাতী পোৱালিটো।

উদ্ধাৰ কৰিয়েই পোৱালিটো কান্ধত তুলি লৈ আনে পালানাস্বামি সাৰথকুমাৰ নামৰ বনৰক্ষীজনে।

বৰ্তমান সেই দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নন্দাই। সেই দৃশ্যটো ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে। সকলোৱে পালানাস্বামিক এতিয়া অভিহিত কৰিছে বাহুবলী হিচাপে।

ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি সুশান্ত নন্দাই লিখে- “তেওঁ বাহুবলী। নলাত আৱদ্ধ হৈ পৰা এটা হাতী পোৱালি উদ্ধাৰ কৰি তেওঁ লৈ আহে কান্ধত। মেট্টোপালয়ম বনাঞ্চলৰ বন কৰ্তৃপক্ষই উদ্ধাৰ কৰে যদিও হাতীটো মাতৃৰ পৰা পৃথক হৈ পৰে। সেয়েহে পোৱালিটোক এৰি থৈ নাহি কান্ধত তুলি তেওঁ লৈ আহে।”

জানিব পৰা মতে হাতী পোৱালিটোৰ ওজন আছিল ১০০ কিলোগ্ৰাম। যোৱা বৰ্ষৰ এপ্ৰিলটো এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। বৰ্তমানো এই দৃশ্য ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে অসমতাে অনুৰূপ ঘটনা সংঘটিত হৈছিল তিনি বছৰ পূৰ্বে। গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কুলশী সংৰক্ষিত বনাঞ্চলত মাতৃৰ পৰা বিচ্ছিন্ন হৈ জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰিছিল সদ্যােজাত বনৰীয়া হাতী।

এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈছিল বন বিভাগৰ এটা দল। অন্য বন্যপ্ৰাণী তথা পােহনীয়া কুকুৰৰ পৰা সুৰক্ষাৰ বাবেই মােহন বৰদলৈ নামৰ বনকৰ্মী এজনে কান্ধত তুলি নিছিল সেই হাতী পােৱালিটাে।

এই ঘটনা সংবাদ মাধ্যমত প্ৰচাৰ হােৱাৰ পাছতে স্থানীয় দল-সংগঠনে সম্বৰ্ধনা জনাইছিল বনকৰ্মীজনক।

Leave a Comment