হাতেৰে ঘূৰালেই বাজি উঠে এক ব্যতিক্ৰমী বাঁহী! জাপানলৈ ৰপ্তানি কৰি চৰ্চিত এজন শিল্পী

নিউজ ডেস্ক। সাধাৰণতে শিল্পী সকলে ওঁঠৰ সহায়ত বজায় বাঁহী। কিন্তু এইবাৰ এজন শিল্পীয়ে সৃষ্টি কৰিছে এক ব্যতিক্ৰমী বাঁহী যিটো বাঁহী বজাবলৈ প্ৰয়োজন নহয় ওঁঠৰ।

আপুনি যদি হাতেৰে মুকলি বতাহত ইয়াক ঘুৰাই দিয়ে অথবা লৰচৰ কৰে তেন্তে ই বিভিন্ন ছন্দত বাজি উঠিব।

আপুনি যিটো লয়ত বাঁহীটো লৰচৰ কৰিব, সেই অনুসৰি ই বাজি উঠিব এক ছন্দেৰে।

বাঁহেৰে প্ৰস্তুত কৰা এই ব্যতিক্ৰম বাঁহীটো সাজি উলিয়াইছে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ এজন ৪২ বছৰীয়া আদিবাসী সম্প্ৰদায়ৰ ব্যক্তিয়ে। ব্যক্তিজনৰ নাম মণিৰাম মন্দাৱী।

এটা ভিডিঅ’ত এই বাঁহীটো বজায় দেখুৱাইছে ব্যক্তিজনে।

তেওঁ লগতে কয় যে, তেওঁৰ ঘৰৰ কাষতে এখন ডাঠ অৰণ্য আছে য’ত বাঘ, চিতা বাঘ, ভালুক আদি হিংস্ৰ জন্তু আছে। এই বাঁহীৰ শব্দ শুনিলেই আঁতৰি যায় জন্তু।

তেওঁ লগতে এই বাঁহী জাপানলৈয়ো প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। এই বাঁহীৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে লোকজনক প্ৰশংসা কৰিছে সকলোৱে।

লগতে চাওকঃ

অটােৰিক্সাত ভ্ৰাম্যমাণ ঘৰ নিৰ্মাণ কৰি চৰ্চিত এজন লােক, যৌথভাৱে কাম কৰাৰ প্ৰস্তাৱ দিলে আনন্দ মহিন্দ্ৰাই

Leave a Comment