হাস্পতালত চিকিৎসাধীন মেৰী কম, কি হৈছে ৬ বাৰৰ বিশ্ব চেম্পিয়নগৰাকীৰ…

নিউজ ডেস্কঃ হাস্পতালত চিকিৎসাধীন হৈ আছে ৬ বাৰৰ বিশ্ব চেম্পিয়ন উত্তৰ-পূবৰ কন্যা মেৰীকম।

মুম্বাইৰ এখন হাস্পতালত ইতিমধ্যে সম্পন্ন হৈ গৈছে মেৰীকমৰ আঁঠুৰ অস্ত্ৰোপচাৰ।

উল্লেখ্য যে, চলিত বৰ্ষৰ কমনৱেলথ গেমছৰ বাচনিৰ সময়তে জুন মাহত আঁঠুত আঘাত পাইছিল বিশ্ব প্ৰসিদ্ধ বক্সাৰগৰাকীয়ে। যাৰ বাবে তেওঁ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছিল।

এই আঁঠুৰ আঘাতৰ পিছতে হাস্পতালত ভৰ্তি হোৱা মেৰীকমৰ আঁঠুৰ অস্ত্ৰোপচাৰ মঙলবাৰে সফলতাৰে সম্পন্ন হয়।

তেওঁৰ প্ৰশিক্ষক ছোটেলাল যাদৱে জানিবলৈ দিয়া মতে, বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আছে বক্সাৰ গৰাকী।

দুই-এদিনতে তেওঁ হাস্পতালৰ পৰা ঘৰলৈ উভতিবলৈও সক্ষম হব।

প্ৰণিধানযোগ্য যে, ২০১৮ চনত কমনৱেলথ গেমছৰ বক্সিঙত স্বৰ্ণ পদক লাভ কৰি প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিচিত হৈছিল মেৰীকম।

২০২০ চনত তেওঁক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰিছিল ভাৰত চৰকাৰে।

লগতে চাওকঃ

আজৱ কাণ্ড! জীয়াই থাকোতেই মৃত ঘোষণা কৰি এগৰাকী বৃদ্ধাৰ মাটি আনৰ নামত নামজাৰি কৰিলে ৰাজহ বিভাগে

সৰুকৈ পাচলি দোকান এখন দি চলাই আছিল পৰিয়াল! পথ দুৰ্ঘটনাই কাঢ়ি নিলে মহিউদ্দিনসহ দুজনৰ প্ৰাণ