হাস্পতালত তেজৰ অবৈধ বেহা! আৰক্ষীৰ জালত ৩ দালাল…

হাস্পতালত তেজৰ অবৈধ বেহা! আৰক্ষীৰ জালত ৩ দালাল…

August 7, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ হাস্পতালত তেজৰ বেহা চলাই আৰক্ষীৰ জালত পৰিল তিনিজনকৈ দালাল।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত টকাৰ বাবদ ৰোগীক তেজ বিক্ৰী কৰা তিনিজন দালাকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, এই দালাল কেইজনে চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ পৰা দুহাজাৰৰ পৰা ২৫০০ টকা পৰ্যন্ত লৈ তেজ বিক্ৰীৰ এক অবৈধ ক’লা বেহা চলাই আহিছিল।

স্বেস্বাসেৱী সংগঠন টীম হিউমিনিটীয়ে এই দালাল চক্ৰৰ বিষয়ে জানিব পাৰি চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰাত পৰৱৰ্তী সময়ত চিকিৎসালয় কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি যুৱকক।

ধৃত তেজৰ দালাল কেইটাৰ পৰিচয় মনোজ চাহু, বিজয় সৰকাৰ আৰু অজিত দাস বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে লখিমপুৰ আৰক্ষীয়ে।

লগতে চাওকঃ

অপাৰ মহিমা পংকজৰ! কেতিয়াবা যদি IPS, কেতিয়াবা আকৌ ASI, আন কেতিয়াবা আকৌ NSG কমাণ্ডো হৈ ধন দাবী কৰে মানুহক, অৱশেষত গ্ৰেপ্তাৰ…